ষ্টাফ ৰিপ’ৰ্টাৰ
ৰাজ্যত ক’ৰনা আক্রান্ত হাৰ ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আহিছে। ১৫জুনৰ পৰা জিলা ভিত্তিত আৰম্ভ হ’ব আনলক প্ৰক্ৰিয়া- এই ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। কভিড আক্রান্ত হাৰ যি জিলাতে হ্ৰাস পাব সেই জিলাতে আৰম্ভ হ’ব আনলক। বৈজ্ঞানিক ভিত্তিত কৰা হ’ব আনলক, তেওঁ লগতে কয়।
জনতাই যিমানে সহযোগ কৰিব সিমানেই আক্রান্ত হাৰ হ্রাস পাব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকী য়ে কয়- জীৱিকা ওপৰত প্ৰভাৱ নপৰাকৈ অসমে কভিডৰ বিৰুদ্ধে যুঁজ দিছে। সম্পূৰ্ণ লকডাউন নকৰা কৈ অসমে কভিড নিয়ন্ত্ৰণ কৰিছে’।
ৰাজ্যত ৫০শতাংশ কভিড কমিছে। গুৱাহাটীত তাতকৈ বেছি কমিছে। কিন্তু ভবা দৰে কমা নাই। এই মাহৰ শেষলৈ আৰু হ্ৰাস পাব আক্রান্ত হাৰ। যিখন জিলা পৰিৱেশ বেয়া হ’ব সেই জিলাত আনলক নহ’ব- মুখ্যমন্ত্ৰীয়ে কয়।
সৰুসজাই কভিড মেডিকেল শুভ উদ্বোধন কৰি এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই।