ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19 ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১২২৩১৩ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৩৭৫৬ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৩২৩জন কামৰূপ মেট্ৰ, ২৯১জন কাছাৰ, ২৬৫জন শোণিতপুৰ আৰু ২৩৬জন তিনিচুকীয়াৰ। বৃহস্পতিবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ৩.০৭ শতাংশ।
আনহাতে,বৃহস্পতিবাৰৰ দিনটোত মৃত্যু হৈছে ৫১ জন ব্যক্তিৰ৷উল্লেখ্য যে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৫১২৩ জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৮৮.৩৯ শতাংশ।
এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৪৫০২০১জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৪৭০৮১জন ৰোগী।
Summary of 10/6/2021
Today’s Total 3756
Overall Positivity Percentage (3756 cases out of 1,22,313 test done = 3.07%)
Kamrup(M) 323
Death 51
Recovery Rate 88.39%
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) June 10, 2021