![]()
নিউজ ডেস্কঃ
অন্যান্য বছৰৰ তুলনাত এইবাৰ মে’ মাহত গৰমৰ প্ৰকোপ বহুখিনি কম আছিল। মে’ মাহত অমান পৰিমাণত বৃষ্টিপাত সাম্প্রতিক কেইবা বছৰত লক্ষ্য কৰা যোৱা নাই। বতৰ বিজ্ঞান বিভাগৰ মতে, বিগত ১২০ বছৰত মে’ মাহত বৃষ্টিপাতত দ্বিতীয় ৰেকর্ড হ’ল। ইয়াৰ পূৰ্বে ১৯৯০ চনৰ মে’ মাহত সর্বোচ্চ বৃষ্টিপাত হৈছিল। সেইবাৰ বৃষ্টিপাত হৈছিল ১১০.৭ মিলিমিটাৰ। ইয়াৰ পিছত মে’ মাহত সর্বোচ্চ বৃষ্টিপাতৰ হিচাবত দ্বিতীয় স্থানত আছিল ১৯০১ চন। আৰু এই বছৰত মে’ মাহত বৃষ্টিপাত ১০৭.৯ মিলিমিটাৰ হোৱাত সেই ১৯০১ চনক পিছ পেলালে ২০২১ চনে।
ইয়াৰ লগতে তাপমাত্রা হিচাবত ৰেকর্ড কৰিছে সর্বনিম্ন তাপমাত্রা। এই বছৰ ৩৪ ডিগ্রীৰ বেছি উঠা নাই বুলি জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই।













