নিউজ ডেস্কঃ
মানুহ সৰবৰাহতো এতিয়া বহুলভাবে ব্যৱহাৰ হৈছে ছচিয়েল মিডিয়া। ইয়াৰ ভিতৰত বেছিভাগেই চলিছে ফেচবুকৰ মাধ্যমেৰে। বিশেষকৈ যৌন সৰবৰাহৰ ক্ষেত্রত ফেচবুক, ইনষ্টাগ্রাম আৰু স্নেপচাট বেছি ব্যৱহাৰ হৈছে। এই তথ্য জনাইছে এক আন্তর্জাতিক ৰিপোর্টে। ৰিপোর্টত কোৱা হৈছে, ২০২০ চনত যৌন সৰবৰাহৰ ৫৯ শতাংশই হৈছে ফেচবুকৰ জৰিয়তে।
যৌন সৰবৰাহকাৰীসকলৰ বাবে ফেচবুক দিনক দিনে পছন্দৰ প্লেটফর্ম হৈ উঠিছে। শিশুসকলৰ ক্ষেত্রত ৬৫ শতাংশ সৰবৰাহ হৈছে এই মাধ্যমেৰে। প্রাপ্তবয়স্কসকলৰ ভিতৰত সেই হাৰ ৩৬ শতাংশ। ফেচবুকৰ পিছতেই আছে ইনষ্টাগ্রাম আৰু স্নেপচাট। শিশু সৰবৰাহৰ ক্ষেত্রত এই দুই ছচিয়েল মিডিয়া প্লেটফর্ম ব্যৱহৃত হৈছে যথাক্রমে ১৪ আৰু ৮ শতাংশ হাৰত। উইচাটৰ মাধ্যমেৰেও চলিছে এই জঘন্য অপৰাধ।
হিউমেন ট্রেফিকিং ইনষ্টিটিউটৰ চিইও ভিক্টৰ বুট্রছে জনাইছে, সৰবৰাহকাৰীসকলৰ বাবে ইণ্টাৰনেট এতিয়া সকলোতকৈ ডাঙৰ অস্ত্র। বহু ক্ষেত্রত খুব সাধাৰণ আৰু জনপ্রিয় ছচিয়েল ছাইটৰ জৰিয়তেই চিকাৰ কৰে তেওঁলোকে। কিন্তু আশাৰ কথা এই যে, চলিত মাহতেই ফেচবুকৰ তৰফৰ পৰা সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সন্দেহজনক কোনো ছবি বা ভিডিও, যিয়ে অপ্রাপ্তবয়স্কসকলৰ পৰা অন্যায়কাৰী সুবিধা ল’ব পাৰে, তাক উৰুৱাই দিছে ফেচবুকে।