![]()
অজন্তা তালুকদাৰ
বোকাখাত : অসম চৰকাৰে ঘোষণা কৰা শিল্পী পেঞ্চন বোকাখাতৰ দুগৰাকী লোক বাদ্য শিল্পীয়ে আজিও নাপালে। প্ৰতি মাহে ৮ হাজাৰ টকাকৈ দিব বুলি যোৱা বছৰৰ ১৫ আগষ্টত ঘোষণা কৰিছিল অসম চৰকাৰে। ঘোষণা কৰা নামৰ তালিকাত উঠিছিল বায়ন ভলৌ হাজৰিকা আৰু ঢোলৰ ওজা ধনেশ্বৰ শইকীয়াৰ। কিন্তু নাম ঘোষনাতে সীমাবদ্ধ থাকিল শিল্পী পেঞ্চন। ১১ মাহ অতিক্ৰম কৰাৰ পাছতো তালিকাত নাম থকা শিল্পীয়ে নেপালে এটকাও।
আনহাতে বোকাখাতৰ যোগনীয়া গাঁৱৰ ৮৪ বছৰীয়া বৰ বায়ন ভলৌ হাজৰিকা ৰোগাক্ৰান্ত হোৱাৰ বাবে গাঁঠিৰ ধন ভাঙি ডাক্তৰৰ ওচৰলৈ অহাযোৱা কৰি আছে আৰু বৰ্তমান স্বাস্থ্যৰ অৱনতি ঘটিছে। সত্তৰোৰ্দ্ধ লোক শিল্পী ধনেশ্বৰ শইকীয়াইও পোৱা নাই ঘোষিত পেঞ্চন। ঘোষণা কৰাৰ দিনৰ পৰা প্ৰতি মাহে ৮ হাজাৰকৈ টকাৰ পেঞ্চন দিয়াৰ কথা ঘোষণাতে থাকিল। অসুস্থ ভলৌ হাজৰিকাই মাহে মাহে পেঞ্চন পোৱাৰ আশাত ধন ধাৰলৈ লৈ আৰম্ভ কৰিছিল চিকিৎসা। এতিয়া মাটি বাৰী বন্ধকতদি দিশহাৰা হৈছে হাজৰিকা। ৰোগে বেৰি ধৰিছে সমগ্ৰ দেহ।
ইফালে পেঞ্চন ঘোষণাৰ পাছত বিভিন্ন দল সংগঠনে জনাইছিল সম্বৰ্ধনা। কিন্তু চৰাকাৰী পেঞ্চন আজিও নোপোৱা ভলৌ হাজৰিকাই সম্বৰ্ধনা লৈয়ো এতিয়া ভুগিছে চৰম হীনমন্যতাত। একে কথা হৈছে ধনেশ্বৰ শইকীয়াৰো।













