নিউজ ডেস্কঃ
ইতিহাস হ’বলৈ আগবাঢ়িছে Windows 10। আহিব Windows 11। এই ঘোষণা মাইক্রছফ্টৰ (Microsoft)। মাইক্ৰছফ্টে জনাইছে, ২০২৫ চনৰ ১৪ অক্টোবৰৰ পিছত আৰু Windows 10ৰ কোনো নতুন আপডেট বা ছিকিউৰিটি পেচ তেওঁলোকে বজাৰলৈ নানে। তেওঁলোকৰ এই নতুন টিজাৰৰ পৰাই প্ৰতিধ্বনিত হৈছে Windows 11ৰ আগমন ধ্বনি।
উল্লেখ্য, Windows 10 Home, Pro, Pro for workstations আৰু Pro Education- সকলো কেইটাৰেই ছাপোর্ট বন্ধ কৰি দিছে মাইক্রছফ্টে। লগতে জনোৱা হৈছে, অহা ২৪ জুনত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত Windows সংক্রান্তীয় আগন্তুক পৰিকল্পনা তেওঁলোকে ঘোষণা কৰিব। সম্ভৱত উক্ত অনুষ্ঠানতেই আত্মপ্রকাশ ঘটিব Windows 11ৰ।
আনহাতে, একাংশৰ মতে, ২০২৫ চনৰ পিছতো চলি থাকিব Windows 10। কিয়নো Windows 7ৰ ক্ষেত্ৰতো একেটাই দেখা গৈছিল।