![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ক’ৰনা প্ৰতিৰোধ বাবে ঘোষণা কৰা বাধ্য-বাধকতাত শিথিলতা। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই হাফলংত সংবাদমেল যোগে প্ৰকাশ কৰিছে আনলক নীতি-নিৰ্দেশনা। বুধবাৰৰ পৰা প্ৰযোজ্য হ’ব নিৰ্দেশনা।
নতুনকৈ জাৰি কৰা নিৰ্দেশনা মতে কামৰূপ(ম) বিয়লি ২ বজা পৰা পুৱা ৫ বজালৈ জাৰি হ’ব সান্ধ্য আইন। ১ বজালৈ দোকান-পোহাৰ মুকলি কৰাত থাকিব অনুমতি। অহা এক সপ্তাহৰ বাবে প্ৰযোজ্য হ’ব নিয়ম।
উল্লেখ্য যে বৰ্তমান ১২ বজালৈ দোকান-পোহৰ মুকলি কৰাত আছিল অনুমতি। ১ বজাৰ পৰা জাৰি হৈছিল সান্ধ্য আইন।
নগৰাঞ্চলত ৫ শতাংশ আৰু গাঁও অঞ্চলত ১০ শতাংশ আক্রান্ত বৃদ্ধি হ’লে জিলা উপায়ুক্তই কন্টেমেণ্ট জন ঘোষণা কৰিব।
আনহাতে মাজুলী, দক্ষিণ শালমৰা, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, চৰাইদেউত যোৱা সপ্তাহৰ পৰিস্থিতি পৰ্যবেক্ষণৰ অন্তত চাৰি শতাধিকতকৈ কম সংক্ৰমণ হোৱা বাবে ৮খন জিলাত সান্ধ্য আইন অধিক ৰেহাই দিয়া হৈছে। সন্ধিয়া ৫ বজা পৰা পুৱা ৫ বজালৈ উক্ত জিলাকেইখনত জাৰি হ’ব সান্ধ্য আইন।
কাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শোণিতপুৰ আৰু নগাঁও জিলাত সংক্ৰমণ বৃদ্ধি পোৱা বাবে উক্ত পাঁচখন জিলাত চোকা দৃষ্টি ৰখা হ’ব। ২১ জুনলৈ সংক্ৰমণৰ হাৰ হ্ৰাস নাপালে কঠোৰ ব্যৱস্থা (লকডাউন) পৰ্যন্ত ঘোষণা হ’ব।
ইফালে, বাকী জিলাসমূহত পূৰ্ব নিৰ্দেশনা বাহাল থাকিব। ১ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব সান্ধ্য আইন।
ক’ৰনা দুয়োটা টীকা গ্ৰহণ কৰা চৰকাৰী কৰ্মচাৰীক কাৰ্যালয়লৈ অহাৰ আহ্বান। গৰ্ভৱতী কৰ্মচাৰী, ৫ বছৰ তলৰ শিশু থকা কৰ্মচাৰী মাতৃসকল, বিশেষভাৱে সক্ষম কৰ্মচাৰীসকল ভেকচিন গ্ৰহণ কৰিলেও তেওঁলোকৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ’ব।
ধৰ্মীয় অনুষ্ঠান বন্ধ থাকিব। শেষকৃত অনুষ্ঠানত ১০ জন উপস্থিত থাকিব পাৰিব।
হোটেল, ৰেষ্টুৰেণ্ট, ভোজনালয়ত পূৰ্ব ব্যৱস্থা বাহাল থাকিব।
সাপ্তাহিক বজাৰ আৰু অন্যান্য বজাৰ বন্ধ থাকিব।
অহা ২২ জুনৰ পুৱা ৫ বজা পৰ্যন্ত আন্তঃজিলা যাতায়ত বন্ধ থাকিব।













