![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
মঙলবাৰে সন্ধিয়া ঠিক ৭ মান বজাত লংকাৰ শংকৰদেৱ নগৰত উপস্হিত হয় ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত। হাফলং পৰা পোনে পোনে হোজাইৰ সদৰ শংকৰদেৱ নগৰত উপস্হিত হৈ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এক আলোচনাত মিলিত হয় মন্ত্ৰীগৰাকী । উক্ত আলোচনাত জিলা স্বাস্থ্য বিভাগৰ বিষয়াৰ লগতে উপস্হিত থাকে বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়াসহ হোজাই জিলাৰ আৰক্ষী অধীক্ষকসহ জিলা উপায়ুক্ত । উক্ত আলোচনাত হোজাইৰ জিলাৰ কভিড সন্দৰ্ভত আলোচনা কৰাৰ লগতে আগন্তোক দিনত জিলাখনত কভিড সন্দৰ্ভত ল’বলগীয়া ব্যৱস্হাৰ ওপৰতো আলোচনা কৰা হয় । লগতে হোজাই জিলাৰ জোৰাপুখুৰীস্থিত জিলা চিকিৎসালয়ত ২০খন আই চি ইউ বেদ স্হাপন কৰা লগতে ১০টা শিশুৰ বাবে বিছনা অনতিপলমে নিৰ্মাণ কৰা হ’ব বুলিও মন্তব্য ৰাখে মন্ত্ৰীগৰাকীয়ে। লগতে অক্সিজেনৰ বাবে হোজাইৰ জিলা চিকিৎসালয়খনত অক্সিজেন প্লেট স্হাপন কৰা কথাও উল্লেখ কৰে স্বাস্হ্য মন্ত্ৰীগৰাকীয়ে । লগতে দুই চাৰি দিনৰ ভিতৰত হোজাইলৈ নাৰ্ছ পঠোৱা হ’ব, যাতে ৫০টা কেন্দ্ৰত ২ হাজাৰ কৈ ভেকচিন দিব পাৰে। দুই হাজাৰ কৈ ভেকচিন দিলেও প্ৰতিদিনে ১০ হাজাৰ ভেকচিন দিব পাৰিব তাৰ বাবেও চিন্তা চৰ্চা কৰা হৈছে । বৰ্তমান হোজাই জিলাত ৩০টা ভেকচিন দল আছে তাক আমি ৫০ তালৈ নি হোজাই জিলাত ভেকচিন দি, আমি লক্ষ্যত উপনিত হ’ব বিছাৰিছো। হোজাইৰ জিলা চিকিৎসালয়ত আই চি ইউ কাম শেষ হোৱাৰ পিছতেই ভেন্টিলেচনৰ কাম আৰম্ভ হ’ব । ভেন্টিলেচন যন্ত্ৰ ইতিমধ্যে ই আনি থোৱা হৈছে ।
লগতে ভেকচিন দিয়া সন্দৰ্ভত তেওঁ কয় যে গুৱাহাটীত এক দুই দিনৰ ভিতৰত প্ৰতিদিনে এক লাখলৈকে ভেকচিন দিয়া ব্যৱস্হা কৰা হ’ব । গুৱাহাটীত প্ৰায় ৭ লাখ লোকক ভেকচিন দিয়া হৈছে, দহ লাখ দিৱ পাৰিলে সম্পূৰ্ণ হৈ যাৱ ।। কাৰণ গুৱাহাটীলৈ অসমৰ মানুহ বহু যায় তাত যাতে আনতিপলমে নিৰাপত্তা কৰিব পাৰো সেই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।।
আনহাতে আকৌ হোজাইৰ উপায়ুক্ত কাৰ্য্যলয়ৰ পৰা স্বাস্থ্য মন্ত্ৰীগৰাকী জোৰা পুখুৰীস্হিত হোজাই জিলা চিকিৎসালয়ত উপস্হিত হৈ লেবৰটৰি আৰু ফাৰ্মাচী মুকলি কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে। লক্ষ্যনীয়ভাবে চিকিৎসালয়খনৰ আই চি ইউ কক্ষ নিৰ্মাণ নকৰাকে আই চি ইউ কক্ষও মুকলি কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ।












