![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ক’ৰনা আক্রান্ত হাৰ পূৰ্বতকৈ ৰাজ্যত হ্ৰাস পাইছে যদিও চৰম অনিশ্চয়তাৰ মাজত ওলমি ৰৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰা বিষয়টো। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা মন্ত্ৰী ডঃ ৰনোজ পেগুৱে পৰীক্ষা অনুষ্ঠিত হ’ব বুলি সদম্ভে ঘোষণা কৰি থকা সময়তে বৃহস্পতিবাৰে কেবিনেটে বৰ্তমানৰ পৰিস্থিতিত পৰীক্ষা অনুষ্ঠিত কৰাটো সম্ভৱ নহয় বুলি পৰামৰ্শ প্ৰদান কৰিছে।
কেবিনেটত স্বাস্থ্য বিভাগে মে’-জুন মাহত অসমত শিশু পৰা ১৮বছৰ বয়সলৈকে কভিডত আক্রান্ত হাৰ তথ্য আকাৰে দাঙি ধৰাত পৰীক্ষা পৰম্পৰাগত পদ্ধতিৰে অনুষ্ঠিত কৰা সম্ভৱ নহয় বুলি পৰামৰ্শ আগবঢ়াইছে। উল্লেখ ৰাজ্যত শিশু পৰা ১৮ বছৰলৈ কভিডত আক্রান্ত হাৰ ১৪.০৮ শতাংশ। তাৰে ১১বছৰ পৰা ১৮বছৰলৈ আক্রান্ত হাৰ ১০ শতাংশ। সমগ্ৰ ৰাজ্যত ২৫ হাজাৰ এই বয়সৰ লোক কভিড আক্রান্ত হৈছে। বৈঠকৰ অন্তত এই গুৰুত্ব পূৰ্ণ তথ্য প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
উল্লেখ পৰীক্ষাৰ অনুষ্ঠিত সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব ১৮জুন বৃহস্পতিবাৰে। শিক্ষা বিভাগে ৰাজ্য বিভিন্ন দল-সংগঠনেৰে আলোচনা অন্তত গ্ৰহণ কৰিব চূড়ান্ত সিদ্ধান্ত। কেবিনেট বৈঠকৰ অন্তত এই কথা অৱগত কৰে কেবিনেট মুখপাত্ৰ মন্ত্ৰী কেশৱ মহন্তই।













