![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
বুধবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷ ইয়াৰে ভিতৰত ৰাজ্যত স্থাপন হ’ব চাৰিটা ফৰেনচিক বিজ্ঞানাগাৰ ৷ শিলচৰ, তেজপুৰ, বঙাইগাঁও আৰু অসম মেডিকেল কলেজ হস্পিটেলত স্থাপন হ’ব এই ফৰেনচিক বিজ্ঞানাগাৰ কেইটা ৷
আনহাতে, আজিৰ কেবিনেটত আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ সেই অনুযায়ী এতিয়াৰে পৰা এফচিআইৰ পৰা ক্ৰয় কৰা হ’ব এছএনপি আঁচনিৰ চাউল৷ এফচিআইৰ পৰা এই চাউল ক্ৰয় কৰিলে ধন ৰাহি হ’ব বুলি মত প্ৰকাশ কেবিনেটৰ৷ ইয়াৰ উপৰি শিশুক পুষ্টিকৰ খাদ্য যোগানৰো সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷













