![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
কোকৰাঝাৰৰ অভয়াকুটি গাঁৱত দুই কিশোৰী ভগ্নীক ধৰ্ষণ আৰু হত্যাৰ সৈতে জড়িত গোচৰত ধৃত এজন অভিযুক্তই পলায়নৰ চেষ্টা কৰাত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়। ফলত গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা আচামীটোক হস্পিটেলত ভৰ্তি কৰোৱা হয়।
বিটিআৰৰ আইজিপি এলআৰ বিষ্ণয়ে তেওঁৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত এই খবৰ দিছে। কালি নিশা তেওঁ টুইটত লিখে, কোকৰাঝাৰত দুই কিশোৰীক ধর্ষণ আৰু হত্যাৰ অভিযোগত ধৃত আচামীটোক (২২ বছৰীয়া ফৰিজুল ৰহমান) লৈ ঘটনা সম্পৰ্কীয় ছার্চ অপাৰেচনলৈ বেদলাংমাৰিৰ শালবাড়ি এলেকালৈ গৈছিল আৰক্ষী। কিন্তু সুযোগৰ সন্ধানত থকা আচামীটোৱে হঠাৎ আৰক্ষীৰ হাতৰ পৰা এৰা পৰি দৌৰি পলাবলৈ আৰম্ভ কৰে। ফলত তাক ৰখাবলৈ আৰক্ষীয়ে গুলীচালনা কৰিবলগা হয়। গুলীবিদ্ধ আচামীটোক সংকটজনক অৱস্থাত কোকৰাঝাৰ হস্পিটেলত ভৰ্তি কৰোৱা হয়।
আজি পুৱাৰ ভাগত আইজিপি এলআৰ বিষ্ণই ঘটনাৰ বিৱৰণীত প্ৰকাশ কৰা মতে, যোৱা ১১ জুনত কোকৰাঝাৰৰ অভয়াকুটি গাঁৱত দুই কিশোৰী ভগ্নী ৰবিতা ৰাভা আৰু চোমাইনা ৰাভাক ধর্ষণ আৰু হত্যাৰ অভিযোগত ইতিমধ্যে সাতজন অপৰাধীক গ্রেপ্তাৰ কৰা হৈছে। ইয়াৰে ভিতৰত মাষ্টাৰমাইণ্ড তিনিটা আছিল নাচিবুল আলি শ্বেখ (১৯), ফৰিজুল ৰহমান (২২) আৰু মোজাম্মিল শ্বেখ (২০)।
ঘটনাৰ সৈতে জড়িত আনুষঙ্গিক তদন্ত আৰু তালাচী চলাবলৈ বুধবাৰে বিয়লি সিহঁতক লৈ বেদলাংমাৰিৰ শালবাড়িলৈ গৈছিল উচ্চপদস্থ বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দল। কিন্তু ফৰিজুল ৰহমান নামৰ এজন অভিযুক্তই হেণ্ডকাপসহ আৰক্ষীৰ হাতৰ পৰা ওলাই প্রাণপণে দৌৰিবলৈ আৰম্ভ কৰে। তাৰ পিছে পিছে দৌৰি যোৱা আৰক্ষীয়ে তাক ধৰিবলৈ অপাৰগ হোৱাত গুলী চলাবলৈ বাধ্য হয়। গুলীবিদ্ধ হৈ ফৰিজুল মাটিত পৰি যায় আৰু তাক উদ্ধাৰ কৰি আৰক্ষীয়ে কোকৰাঝাৰ চৰকাৰী হস্পিটেলত ভৰ্তি কৰায়।













