![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ গোহাঁই খুমটাই বিধানসভা সমষ্টিত গ্রাম্য পৰ্যটনৰ বেণ্ড এম্বেচাদৰৰূপে নিযুক্তি। সমষ্টিটোৰ বিধায়ক মৃণাল শইকীয়াই গ্রাম্য পৰ্যটনৰ দিশটোক অধিক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কণ্ঠশিল্পীগৰাকীক নিযুক্তি প্ৰদান কৰিছে বেণ্ড এম্বেচাদৰ হিচাপে।
প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ তথা গ্রাম্য পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা সমষ্টিটোত ইতিমধ্যে তিনিখনকৈ গ্রাম্য উদ্যান যোগীবাৰী, মেলামৰা আৰু খুমটাইত নিৰ্মাণ কৰা লগতে বহুকেইটা প্ৰকল্প কাম চলি থকাৰ কথা বিধায়ক শইকীয়াই জানিব দিয়ে।
ইফালে প্ৰকল্পটোত বেণ্ড এম্বেচাদৰ হিচাপে জড়িত হৈ আনন্দিত হোৱা বুলি উল্লেখ কৰে কণ্ঠশিল্পীজনে।
আনহাতে, বেণ্ড এম্বেচাদৰ নিযুক্তি প্ৰথম দিনটোত হাতত ঝাড়ু লৈ আচুৰ্যই যোগীবাৰীত পথ পৰিস্কাৰ কৰা দেখা গ’ল।













