![]()
নগাঁও : ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলাৰ বাবে নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই গঠন কৰা এণ্টি নাৰ্কটিক স্কোৱাডৰ এজন জোৱানৰ হাতত নিচাযুক্ত দ্ৰব্যৰ কনটেইনাৰ উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি নগাঁৱত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । জানিব পৰা মতে, কালি নিশা এখন ডিস্ক’ভাৰ বাইকত অসামৰিক পোছাকত জুৰীয়া অভিমুখে গৈ থকা ইছৰাফিল হুছেইন নামৰ এজন এণ্টি নাৰ্কটিক স্কোৱাডৰ জোৱান মেৰতল নামৰ ঠাইত বাইক দুৰ্ঘটনাত পতিত হয়।
আনহাতে গাঁওৰক্ষী বাহিনীয়ে জোৱানজনক উদ্ধাৰ কৰি তালাচী চলোৱাত তেওঁৰ পকেটৰ পৰা এটা ড্ৰাগছৰ কণ্টেইনাৰ উদ্ধাৰ হয়। গাঁওৰক্ষী বাহিনীয়ে জোৱানজনক ড্ৰাগছ পেডেলাৰ বুলি সন্দেহ কৰি আৰক্ষীক খবৰ দিয়ে যদিও পিছত তেওঁ প্ৰকৃততে আৰক্ষীৰ এণ্টি নাৰ্কটিক স্কোৱাডৰ জোৱান বুলি গম পায়। উল্লেখ্য যে, ইছৰাফিলে ৰহাত ড্ৰাগছৰ বিৰুদ্ধে অভিযান সামৰি নগাঁও আৰক্ষী ছাউনীৰ পৰা নিজ ঘৰলৈ উভতি গৈছিল। তেনে পৰিস্থিতিত দুৰ্ঘটনাত পতিত যুৱকজনৰ পকেটলৈ ক’ৰ পৰা ড্ৰাগছখিনি আহিল সেয়া অৱশ্যে জানিব পৰা হোৱা নাই। এই ঘটনাৰ পিচতে, ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ইছৰাফিলক উদ্ধাৰ কৰাৰ লগতে উক্ত স্থানত সমবেত ৰাইজক আতৰাই পঠায়।
আনহাতে এগৰাকী আৰক্ষী জোৱানৰ পকেটত ড্ৰাগছৰ কনটেইনাৰ উদ্ধাৰ হোৱা ঘটনাটোক ৰাইজে সহজভাৱে ল’ব পৰা নাই । ইপিনে, এণ্টি নাৰ্কটিক স্কোৱাডৰ জোৱানসকলক আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই যিহেতু পোনপটীয়াকৈ নিয়ন্ত্ৰণ কৰে তাৰ পিছতো কিদৰে এই ঘটনা সংঘটিত হ’বলৈ পালে তাক লৈয়ো প্ৰশ্ন উত্থাপিত হৈছে । অৱশ্যে এই সমগ্ৰ ঘটনাক ষড়যন্ত্ৰ আখ্যা দি নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই নগাঁও সদৰ আৰক্ষী থানাত সংবাদ মাধ্যমৰ সন্মুখত এয়া একাংশ অপৰাধীৰ আৰক্ষীৰ বিৰুদ্ধে ষড়যন্ত্ৰ বুলি মন্তব্য কৰে। আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয় যে শেহতীয়াকৈ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলাৰ বাবে অপৰাধী চক্ৰই আৰক্ষীৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছে। এনে ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম ।













