![]()
নিউজ ডেস্কঃ
হাতত কেমেৰা লৈ ঘূৰি ফুৰিছে স্বয়ং আমিৰ খান। বিয়াঘৰলৈ অহা অতিথিসকলৰ ফটো তুলিছে তেওঁ। বিশেষ মুহূর্তবোৰ লেন্সত বন্দী কৰিবলৈ ইফালে-সিফালে ঘূৰি ফুৰিছে বলিউডৰ ‘মিষ্টাৰ পাৰফেকচনিষ্ট’।
ৰ’ব, এয়া কোনো চিনেমাৰ দৃশ্য নহয়। ২০০১ চনত অক্ষয় কুমাৰ আৰু টুইঙ্কল খান্নাৰ বিয়াৰ অনুষ্ঠানতহে আচলতে দেখা গৈছিল এই দৃশ্য। বন্ধু আমিৰক উক্ত দিনৰ ভিডিঅ’গ্ৰাফীৰ দায়িত্ব দিছিল স্বয়ং কইনাই। ইতিমধ্যে টুইঙ্কলৰ গ্ৰন্থ প্রকাশৰ এক অনুষ্ঠানলৈ আহি আমিৰ খানে নিজেই প্ৰকাশ কৰিছিল তেওঁৰ হঠাৎ ‘ভিডিঅ’গ্রাফাৰ’ হোৱাৰ কাহিনী। অভিনেতাজনে লগতে জনাইছিল যে এনেদৰে সকলোকেই কিবা নহয় কিবা এটা দায়িত্ব দিছিল টুইঙ্কলে।

উল্লেখ্য, আমিৰ আৰু টুইঙ্কলৰ বন্ধুত্ব বলিউডত বিখ্যাত। ২০০০ চনত ধর্মেশ দর্শন পৰিচালিত ‘মেলা’ ছবিত একেলগে কাম কৰিছিল তেওঁলোকে। ছবিৰ কাম চলি থাকোতেই টুইঙ্কলক প্রেম নিবেদন কৰিছিল অক্ষয় কুমাৰে। ২০০১ চনত বিবাহ পাশত আবদ্ধ হয় দুয়ো। কেইদিনমান পূৰ্বে তেওঁলোকৰ বিয়াৰ অনুষ্ঠানৰ বহু ফটো নতুনকৈ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। বিশেষ দিনটোত টুইঙ্কল সাজি উঠিছিল ৰঙা ৰঙৰ বিয়াৰ পোছাকত। অক্ষয় কুমাৰে পিন্ধিছিল বগা ৰঙৰ ছেৰৱানি। বলিউডৰ বিখ্যাত কষ্টিউম ডিজাইনাৰ আবু জানি আৰু সন্দীপ খোছলাৰ ঘৰতে অনুষ্টুপীয়াকৈ বিয়াত বহিছিল তেওঁলোক।













