![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
হোজাই জিলাৰ লংকাত কোভিড প্ৰট’কল ভংগকাৰী ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষী কঠোৰ অভিযান। লংকাৰ দৈনিক পিয়লি বজাৰত একাংশ ব্যৱসায়ীয়ে নামানে চৰকাৰী নীতি নিৰ্দেশনা। নিৰ্ধাৰিত সময় অতিক্ৰম কৰাৰ পাছতো একাংশ ব্যৱসায়ে নিজ খেয়াল খুচিমতে চলাই গৈছে ব্যৱসায়। বজাৰৰ ভিতৰত লংকা আৰক্ষী উপস্থিত হৈ প্ৰটকল ভংগকাৰী ব্যৱসায়ীক এফালৰ পৰা বিহিলে জৰিমনা ৷ আৰক্ষীৰ জৰিমনা পৰা হাত সাৰিবলৈ তাৎক্ষণিকভাৱে নিজ ব্যৱসায়ী প্ৰতিষ্ঠান বন্ধ কৰি একাংশ ব্যৱসায়ীয়ে লংকা বজাৰ ত্যাগ কৰা পৰিলক্ষিত হৈছে ৷












