![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ৰাজ্যিক কংগ্ৰেছত যেন এতিয়া পদত্যাগৰ ধুম উঠিছে। মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ কংগ্ৰেছ দল আৰু বিধায়ক পদ ত্যাগৰ পিছত এইবাৰ কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে কামৰূপ মহানগৰ জিলাৰ সভানেত্ৰীয়ে। দলীয় নেতাসকলৰ কাম-কাজত অসন্তুষ্ট হোৱাৰ লগতে কংগ্ৰেছ দলৰ শেহতীয়া সাম্প্ৰদায়িক মনোভাবৰ বাবে পদত্যাগ কৰা বুলি উল্লেখ কৰে কামৰূপ মহানগৰ জিলা কংগ্ৰেছৰ সভানেত্ৰী জুৰি শৰ্মা বৰদলৈয়ে। লগতে তেওঁ কংগ্ৰেছ দলৰ সকলো সদস্য পদ ত্যাগ কৰাৰ লগতে সাধাৰণ সদস্যৰ পদো ত্যাগ কৰা বুলি ঘোষণা কৰে।













