![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
মৃতদেহ ঘৰলৈ আনিব নোৱাৰি কান্দি কান্দি সহায় ভিক্ষা পৰিয়ালৰ! বহিঃৰাজ্যত মৃত্যু শ্বাৰুখ আহমেদৰ মৃত্যুৰ খবৰে বিপাঙত পেলাইছে পৰিয়ালৰ লোকক! কিয়নো শ্বাৰুখৰ মৃতদেহ ঘৰলৈ অনাৰ বাবে প্ৰয়োজন হৈছে বহু টকাৰ ! মৃত্যু হোৱা শ্বাৰুখৰ দৰিদ্ৰ পৰিয়ালটোত এতিয়া কেৱল কান্দোনৰ ৰোল ! কান্দি কান্দি অসম চৰকালৈ সহায়ৰ বাবে আহ্বান ! মৃতদেহ ঘৰলৈ অনাৰ বাবে অসম চৰকাৰ লৈ কাতৰ আহ্বান ! কেৰেলাত মৃত্যু হোৱা লংকাৰ দক্ষিণ লস্কৰ পথাৰত এইদৰে কান্দিছে পৰিয়ালৰ লোকে !
মাত্ৰ ১২ দিন পূৰ্বে কেৰেলা লৈ যোৱা শ্বাৰুখ আহমেদৰ খবৰে হাহাকাৰ কৰিছে দুৰ্ভগীয়া পৰিয়ালটোত! অসম চৰকাৰলৈ কাতৰ আহ্বান জনাইছে সহায়ৰ বাবে ! ইফালে শ্বাৰুখ আহমেদৰ মৃত্যুক এক ৰহস্যৰ উমান পাইছে পৰিয়ালৰ লোকে!
কেৰেলাত থকা নিজ কোঠালীৰ পৰা উদ্ধাৰ কৰিছে যুৱকজনৰ মৃতদেহ! কেৰেলা আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ! সমগ্ৰ ঘটনাক লৈ এতিয়া হোজাই জিলাৰ দক্ষিন লস্কৰ পথাৰত সৃষ্টি হৈছে হাহাকাৰ!












