![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে কয় যে অসম চৰকাৰে ৰাজ্যৰ দ্বাৰা পুঁজি যোগান ধৰা নিৰ্দিষ্ট আঁচনিৰ অধীনত সুবিধা লাভৰ বাবে ক্ৰমান্বয়ে দুই সন্তানৰ নীতি ৰূপায়ণ কৰিব।
প্ৰস্তাৱিত জনসংখ্যা নিয়ন্ত্ৰণ নীতি অৱশ্যে অসমত সকলো আঁচনিতে তৎক্ষণাৎ প্ৰযোজ্য নহ’ব, কিয়নো কেন্দ্ৰীয় চৰকাৰে বহুতো সুবিধা আগবঢ়ায়। মুখ্যমন্ত্ৰীয়ে এক সংবাদমেলত এনেদৰে কয়।
“কিছুমান আঁচনি আছে যাৰ বাবে আমি দুই সন্তান নীতি জাপি দিব নোৱাৰো। যেনে প্ৰধানমন্ত্ৰী আৱাস যোজনা।
কিন্তু কিছুমান আঁচনিৰ ক্ষেত্ৰত, যেনে ধৰক যদি ৰাজ্য চৰকাৰে এটা আৱাস আঁচনি আৰম্ভ কৰে, তেন্তে দুটা সন্তানৰ নিয়ম প্ৰৱৰ্তন কৰিব পাৰি।
লাহে লাহে পৰৱৰ্তী পৰ্যায়ত ৰাজ্য চৰকাৰৰ প্ৰতিখন আঁচনিত জনসংখ্যাৰ নিয়ম আহিব।” তেওঁ লগতে কয়।
উল্লেখযোগ্য যে যোৱা মাহত কাৰ্যভাৰ গ্ৰহণ কৰা মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰী আঁচনিৰ অধীনত সুবিধা লাভৰ বাবে দুটা সন্তানৰ নিয়মৰ কথা কৈ আহিছে।
যোৱা ১০ জুনত মুখ্যমন্ত্ৰীয়ে তিনিখন জিলাত শেহতীয়াকৈ উচ্ছেদৰ বিষয়ে কৈছিল আৰু সংখ্যালঘু সম্প্ৰদায়ক দৰিদ্ৰতা হ্ৰাস কৰিবলৈ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে “উপযুক্ত পৰিয়াল পৰিকল্পনা নীতি” গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল।
উল্লেখ্য, অসম পঞ্চায়ত আইন, ১৯৯৪ৰ ২০১৮ চনত কৰা সংশোধনী অনুসৰি পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বাবে নিম্নতম শিক্ষাগত অৰ্হতা আৰু কাৰ্যকৰী চেনিটাৰী শৌচালয়ৰ প্ৰয়োজনীয়তাৰ সৈতে অসমত বৰ্তমান দুটা সন্তানৰ নিয়ম আছে।













