![]()
নিউজ ডেস্কঃ
অসমৰ শিলচৰত এগৰাকী মহিলাই ৫.২ কিলোগ্ৰাম ওজনৰ এটা কেঁচুৱা ল’ৰা প্ৰসৱ কৰিছে যাক চিকিৎসকসকলে ৰাজ্যখনত নৱজাতকৰ জন্মৰ সময়ত সৰ্বাধিক ওজনৰ বুলি দাবী কৰিছে।
‘এইটো এটা পলমকৈ হোৱা প্রসবৰে ঘটনা আছিল। কিন্তু আমি বুজি পোৱা নাছিলো যে শিশুটিৰে ওজন ৫.২ কিলোগ্রাম হ’ব। আমাৰ জ্ঞান অনুসৰি, ই আজিলৈকে অসমত জন্ম হোৱা আটাইতকৈ গধুৰ কেঁচুৱা। অসমত নৱজাতকৰ গড় ওজন প্ৰায় ২.৫ কিলোগ্ৰাম। অতীতত প্ৰায় ৪ কিলোগ্ৰাম ওজনৰ নৱজাতক আছিল, কিন্তু নৱজাতকৰ বাবে ৫.২ কিলোগ্ৰাম এক অনন্য ঘটনা। আমি আমাৰে জ্যেষ্ঠ কর্মকর্তাসকলৰ সৈতে আলোচনা কৰিছো আৰু তেওঁলোকেও আমাৰে সৈতে একমত হৈছে।’ চিকিৎসালয়খনৰ চিকিৎসক ডাঃ হানিফ মহম্মদ আফছাৰ আলম লস্কৰে এনেদৰে কয়।
সতীন্দ্ৰ মোহন দেৱ অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসকৰ এটা দলে মঙলবাৰে আবেলি চিজাৰিয়ান প্ৰক্ৰিয়াৰে সন্তান প্ৰসৱ সম্পন্ন কৰিছিল। এয়া হৈছে জয়া দাস আৰু বাদল দাসৰ দ্বিতীয় সন্তান, জন্মৰ সময়ত তেওঁলোকৰ প্ৰথম সন্তানৰ ওজন প্ৰায় ৩.৮ কিলোগ্ৰাম আছিল।
কাছাৰ জিলাৰ শিলচৰৰ সতীন্দ্ৰ মোহন দেৱ অসামৰিক চিকিৎসালয়ৰ চিকিৎসকসকলে দাবী কৰে যে কেঁচুৱাটো অসমত জন্ম হোৱা আটাইতকৈ গধুৰ শিশু। নাৰ্ছ ৰোজেলিন, মঞ্জুৰুল আৰু এনাস্থেটিষ্ট ডাঃ ৰজত দেৱৰ সহায়ত ডাঃ হানিফ মহম্মদ আফছাৰ আলম লস্কৰে শিলচৰ অসামৰিক চিকিৎসালয়ত জয়া দাসক চিজাৰিয়ান অস্ত্ৰোপচাৰ কৰিছিল।
ডাঃ লস্কৰে কয় যে পৰিয়ালটোৱে কোভিড-১৯ সংক্ৰমণৰ আশংকাত প্ৰসৱ প্ৰক্ৰিয়াটো বিলম্বিত কৰিছিল। ‘বেছিভাগ ক্ষেত্ৰতে, গৰ্ভধাৰণৰ ৩৮ৰ পৰা ৪২তম সপ্তাহৰ ভিতৰত কেঁচুৱা আহে। যেতিয়া কেঁচুৱাবোৰ সপ্তাহ ৪২ৰ ভিতৰত নাহে, তেওঁলোকক ম্যাদৰ পিছত বা বিলম্বিত প্ৰসৱ বুলি গণ্য কৰা হয়। এই ক্ষেত্ৰত, মাতৃগৰাকীৰ চিকিৎসালয়ত ভৰ্তি হোৱাত পলম হৈছিল। তেওঁৰ প্ৰসৱৰ তাৰিখ ২৯ মে’ত হ’ব লাগিছিল। কিন্তু সেই সময়ত তেওঁক ভৰ্তি কৰা হোৱা নাছিল, কাৰণ তেওঁৰ পৰিয়ালে মহামাৰীৰ মাজত চিকিৎসালয়লৈ যাবলৈ সংকোচবোধ কৰিছিল। সুখৰে কথা যে আমি মাতৃ আৰু নৱজাতকক বচাব পাৰিছো।’ চিকিৎসকজনে কয়।
নৱজাতকৰ পিতৃ বাদল দাসে কয়, ‘এয়া আমাৰ দ্বিতীয় সন্তান, প্ৰথমটোৰ ওজন প্ৰায় ৪ কিলোগ্ৰাম। কিন্তু সেইটো এটা বেলেগ সময় আছিল, আজি কোভিড সংক্ৰমিত ৰোগীসকলক প্ৰতিখন চিকিৎসালয়ত চিকিৎসা কৰা হৈছে। মই মোৰ গৰ্ভৱতী পত্নীক চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱাৰ ক্ষেত্ৰত অলপ দ্বিধাগ্ৰস্ত আছিলোঁ। কিন্তু অৱশেষত, আমি তেওঁক চিকিৎসালয়লৈ লৈ যোৱাৰ সিদ্ধান্ত ল’বলগা হৈছিল। সুখৰ কথা, চিকিৎসকসকলে আমাৰে পত্নী আৰু সন্তানক বচাইছে।
প্ৰথমতে পৰিয়ালটোক শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ যাবলৈ পৰামৰ্শ দিয়া হৈছিল, কিন্তু চিকিৎসালয়খনত বহুতো কোভিড-১৯ ৰোগীৰ বাবে তেওঁলোকে এই হস্পিটেলখনলৈ অহাৰ সিদ্ধান্ত লৈছিল।













