![]()
নগাঁও : অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা আজি নগাঁৱত উপস্থিত হৈ প্ৰথমে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভা-কক্ষত নগাঁও আৰু হোজাই জিলাৰ সমাজ কল্যাণ বিভাগৰ বিষয়াসকলৰ লগত এক আলোচনাত মিলিত হয় । মুখ্য সচিবগৰাকীয়ে জিলা দুখনত বৰ্তমান অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ পোষণ যোজনা (Poshan Yojana) আৰু প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ (PMMVY) কাৰ্য্যকাৰিতাৰ বুজ লোৱাৰ লগতে এই দুয়োখন আঁচনিৰ হিতাধিকাৰীসকলে ইয়াৰ সুবিধা যাতে নিয়াৰিকৈ লাভ কৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ উপৰিও মুখ্য সচিবগৰাকীয়ে জিলা প্ৰশাসনৰ বিষয়াসকলৰ লগত বৰ্তমান জিলাখনৰ কোভিড পৰিস্থিতি আৰু বান দুৰ্যোগ ব্যৱস্থাপনাৰ বুজ লয়। জিলাখনত চলি থকা কোভিড মহামাৰীৰ টিকাকৰণৰ অভিযান আৰু চিকিৎসালয়সমূহত কোভিড আক্রান্ত ব্যক্তিৰ বাবে থকা বিচনাৰ লগতে অন্যান্য সা-সুবিধা সমূহৰো বুজ লয়।
আনহাতে বানপানীৰ সময়ত স্থাপন কৰা বান সাহায্য শিবিৰসমূহত কোভিড নিয়মাৱলী মানি আৰু শিশুৰ বাবে অনুকূল পৰিবেশত স্থাপন কৰাত তেওঁ গুৰুত্ব আৰোপ কৰে। ইয়াৰ পাছতেই মুখ্য সচিবগৰাকীয়ে নগাঁওস্থিত শক্তি ভৱনত উপস্থিত হৈ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ বিষয়াবৰ্গৰ লগত আলোচনাত মিলিত হয়। আজিৰ এই পৰ্যালোচনা সভাত সমাজ কল্যাণ বিভাগৰ সচিব পাৰ্থ মজুমদাৰ, নগাঁও জিলাৰ উপায়ুক্ত কবিথা পদ্মনাভন, জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ, হোজাই জিলাৰ অতিৰিক্ত উপায়ুক্ত (সমাজ কল্যাণ), নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত সকলোকে প্ৰমুখ্য কৰি জিলাখনৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।













