![]()
নগাঁও : নগাঁও প্ৰেছ ক্লাৱত আজি আয়োজিত এক অনুষ্ঠানত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই নগাঁও সদৰৰ সাংবাদিক তথা তেওঁলোকৰ পৰিয়ালৰ ব্যৱহাৰৰ উদ্দেশ্যে এটি অক্সিজেন কনচেনট্ৰেটৰ লগতে সাংবাদিকসকলক এন ৯৫ মাস্ক আৰু হেণ্ড চেনিটাইজাৰ প্ৰদান কৰে । নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি কনক হাজৰিকাই আঁত ধৰা অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মাই কোভিড সৃষ্ট জটিল ক্ষণত সাংবাদিকসকলে আগবঢ়োৱা সেৱাৰ বিষয়ে উল্লেখ কৰি কয় যে কৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ সংগ্ৰামখনত নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি জনসাধাৰণৰ হিতৰ স্বাৰ্থত নিৰবিচ্ছন্নভাবে কতৰ্ব্য সম্পাদন কৰা জৰুৰীকালীন সেৱাৰ লগত জড়িত যোদ্ধাসকলৰ লগতে সংবাদমাধ্যমৰ সাংবাদিক বন্ধুসকলৰ ত্যাগক আমি স্বীকাৰ কৰিবই লাগিব। সমান্তৰালকৈ আমি তেওঁলোকৰ নিৰাপত্তা দিশটোৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। বিশেষকৈ কোভিডত আক্ৰান্ত লোকৰ বাবে কোনো কোনো ক্ষেত্ৰত অক্সিজেনৰ অতীৱ প্ৰয়োজন হয়। সেয়ে নগাঁও সদৰৰ সাংবাদিকসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সুবিধাৰ্থে এটা অক্সিজেন কনচেনট্ৰেটৰ নগাঁও প্ৰেছ ক্লাবলৈ আগবঢ়োৱা হৈছে । কোভিড সৃষ্ট জটিল ক্ষণত এই অক্সিজেন কনচেনট্ৰেটৰটো সাংবাদিকসকলৰ বিশেষ সহায়ক হ’ব।
আনহাতে কোভিড যোদ্ধাৰ ৰূপত অৱতীর্ণ হোৱা নগাঁও সদৰৰ সাংবাদিকৰ সুৰক্ষাৰ স্বার্থত বিধায়ক শৰ্মাই এন-৯৫ মাস্ক আৰু চেনিটাইজাৰ প্ৰদান কৰে । ইপিনে সাংবাদিকৰ আৰ্থিক দুৰাৱস্থা, স্বাস্থ্য কল্যাণ পুঁজি, পেন্সন আদি সমস্যা সন্দৰ্ভত বিধানসভাৰ মজিয়াত উত্থাপন কৰিবৰ বাবে নগাঁৱৰ কেইবাজনো জ্যেষ্ঠ সাংবাদিকে বিধায়কগৰাকীক কৰা অনুৰোধৰ প্ৰতি সঁহাৰি জনাই বিধায়ক ৰূপক শৰ্মাই বিষয়টো বিধানসভাৰ আগন্তুক বাজেট অধিৱেশনত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বুলি আশ্বাস প্ৰদান কৰে।
আনহাতে এন-৯৫ মাস্ক, চেনিটাইজাৰৰ উপৰি ১ লাখ ৬৫ হেজাৰ টকা মূল্যৰ অক্সিজেন কনচেনট্ৰেটৰটো আগবঢ়োৱাৰ বাবে নগাঁও প্ৰেছ ক্লাবৰ সদস্যসকলে বিধায়ক ৰূপক শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে । অনুষ্ঠানত নগাঁও প্ৰেছ ক্লাৱৰ উপ-সভাপতি মুৰুলী বৰুৱা, সম্পাদকদ্বয় ভাস্কৰ জ্যোতি মেধি, চন্দনজ্যোতি বৰা, জ্যেষ্ঠ সাংবাদিক অখিল দাস, জিতেন বৰকটকী, অজয় মাহাতো, হৰেশ্বৰ বৰা, নিলোৎপল বৰা, নাজিম আহমেদ, বেদব্ৰত ৰাজা , ভাস্কৰ জ্যোতি শইকীয়া, ওৱাহিদুজ জামান প্ৰমুখ্যে নগাঁৱৰ যথেষ্ট সংখ্যক সাংবাদিক উপস্থিত থাকে ।













