![]()
নগাঁও : নগাওঁৰ অন্তৰ্গত শেনছোৱাত সংঘটিত এক দুৰ্ঘটনাত আজি থিতাতে মৃত্যুক সাৱটি ল’বলগীয়া হয় এজন যুৱকে। নগাঁও চহৰৰ এটা মটৰ ডীলাৰৰ কৰ্মচাৰী উৎপল দাস নামৰ যুৱকজনে আজি দিনৰ প্ৰায়ে ১১ বজাত হোৱা দুৰ্ঘটনাটোত মৃত্যুমুখত পৰে। আৰক্ষীৰ তথ্যনুসৰি, এএছ-০২ ইউ-১৬৭০ নম্বৰৰ স্কুটীৰে নগাঁও চহৰলৈ আহি থকা অৱস্থাত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত কোনো চাৰিচকীয়া বাহনে খুন্দিয়াই থৈ যায় যুৱকজনক। গাড়ীখনৰ বৰ্তমানলৈ কোনো সম্ভেদ নাই পোৱা যদিও তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। আনহাতে, মৰণোত্তৰ পৰীক্ষাৰ পিছত যুৱকজনৰ মৃতদেহ পৰিয়ালৰ লোকক গটাই দিয়া হৈছে।
আনহাতে, জিলাখনৰ নলতলীত হোৱা আন এক দুৰ্ঘটনাত নিহত হৈ এগৰাকী আৰক্ষী কনিষ্টবল।বিগত নিশা নিজৰ কৰ্তব্য পালনৰ বাবে চুলুং আৰক্ষী চকীলৈ গৈ থকা অৱস্থাত কলিয়াবৰ তিনি আলিৰ পৰা তেজপুৰলৈ যোৱা ৩৭ নং (ক) ৰাষ্ট্ৰীয় পথৰ নলতলীত এক দুৰ্ঘটনাত পতিত হয় কলিয়াবৰ আৰক্ষী থানাৰ অন্তৰ্গত মিছা পানীগাৱৰ অৰূপ বসুমতাৰী । জানিব পৰা মতে, বাইকেৰে চুলুং আৰক্ষী চকীলৈ ঘৰৰ পৰা গৈ থকা আৰক্ষী কনিষ্টবলগৰাকী নলতলীৰ ওচৰত চাৰিলেন যুক্ত পথৰ গাতত সোমোৱাৰ বাবেই এই দুৰ্ঘনাটো সংঘটিত হয় আৰু যুৱকজনে মৃত্যুক সাৱতি ল’ব লগা হয় ।
বহু পলমকৈ আৰক্ষীয়ে গম পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ কনিষ্টবলগৰাকীক উদ্ধাৰ কৰি জখলাবন্ধা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । আৰক্ষী কনিষ্টবলগৰাকীৰ কেনেদৰে মৃত্যু হ’ল সেয়া অৱশ্যে বৰ্তমানেও জানিব পৰা হোৱা নাই।













