![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ক’ৰনা প্ৰতিৰোধৰ বাবে চৰকাৰৰ নতুন এছঅ’পি ঘোষণা। মঙলবাৰ পৰা কাৰ্যকৰি হ’ব নতুন এছঅ’পি। উল্লেখ নতুন এছঅ’পিত বহুকেইটা ক্ষেত্ৰত অধিক শিথিলতা আছে।
গুৰুত্বপূৰ্ণ কথা অধিক ক্ষেত্ৰতে প্ৰায় পূৰ্ব নিৰ্দেশনা বাহাল থকা কথা উল্লেখ আছে এছঅ’পিত। কামৰূপ মহানগৰ জিলাত নাই কোনো নতুন নীতি-নিৰ্দেশনা। ২ বজা পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন।
পূৰ্ব নিৰ্দেশনা মতে ১০ দিনত ৪০০তকৈ কম আক্রান্ত ৮খন জিলাত শিথিলতা পূৰ্বদৰে বাহাল থাকিব। সন্ধিয়া ৫ বজা পৰা পুৱা ৫বজালৈ ১২ঘণ্টাৰ সান্ধ্য আইন বাহাল থাকিব।
আন্ত:জিলা যাতায়ত অনিৰ্দিষ্টকাল লৈ বাবে বন্ধ থাকিব।
কভিড আক্রান্ত হাৰ বৃদ্ধি পাই থকা তিনিচুকীয়া, কাছাৰ, ডিব্ৰুগড়, শোণিতপুৰ, নগাঁও জিলাত তীক্ষ্ণ নজৰত থাকিব প্ৰশাসনৰ। কঠোৰ নীতি-নিৰ্দেশনা জিলাকেইখনত প্ৰযোজ্য হ’ব পাৰে বুলিও নিৰ্দেশনাখনত উল্লেখ আছে।
গুৰুত্বপূৰ্ণ কথা ৰাজ্য অন্য জিলাত ১২ বজাত বন্ধ হ’ব দোকান-পোহৰ। ১ বজাৰ পৰা সান্ধ্য আইন প্ৰয়োগ হ’ব জিলাসমূহত।
কভিড টীকা দুটা ডজ গ্ৰহণ কৰা চৰকাৰী কৰ্মচাৰীসকল কাৰ্যালয় লৈ যাব লাগিব।
গুৰুত্বপূৰ্ণ কথা বুধবাৰে কেবিনেট বৈঠকৰ পিছত ক’ৰনা আক্রান্ত বৃদ্ধি হোৱা জিলাত সম্পূৰ্ণ লকডাউন ঘোষণা হোৱা সম্ভাৱনা আছে।













