![]()
অজন্তা তালুকদাৰ
বোকাখাত : চোৰাং কাৰবাৰৰ বিপক্ষে গোলাঘাট আৰু বোকাখাত আৰক্ষী শেহতীয়াকৈ অধিক তৎপৰ হৈ উঠা দেখা গৈছে বোকাখাতত। তেল চোৰৰ অবৈধ ঘাটি উৎখাত, লালী গুৰৰ গাড়ী জব্দ, চোৰাং কাঠৰ গাড়ী জব্দৰ লগতে এই অবৈধ বেহাৰ সতে জড়িত বহু কেইটা অভিযুক্ত আটক কৰাৰ পাছত ২১ জুনত চোৰাং কয়লাৰ বিৰুদ্ধে বোকাখাত আৰক্ষীয়ে চলোৱা বিশেষ অভিযানত তৃতীয়খন চোৰাং কয়লা অনা ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়।
পূৰ্বেও গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিতৰ বিশেষ তৎপৰতাত চলা এই অভিযানত বোকাখাতৰ আৰক্ষীয়ে দুখন কয়লা ভৰ্তি ট্ৰাক জব্দ কৰিছিল ৷ শেহতীয়াকৈ জব্দ কৰা তৃতীয়খন কয়লাৰ ট্ৰাকৰ পঞ্জীয়ন নম্বৰ হ’ল ASO1-GC-5192। ট্ৰাকখনে ৩৫ টন কয়লা লৈ নিমনাগড়ৰ পৰা নগাঁৱৰ লংকাৰ অভিমুখে গৈ আছিল। বোকাখাতত আৰক্ষীৰ নিৰ্দেশ অমান্য কৰা গাড়ীখনক আৰক্ষীয়ে কৰায়ত্ত কৰি বোকাখাত আৰক্ষী থানালৈ লৈ আনে ৷ গাড়ীখনৰ চালককো আটক কৰে আৰক্ষীয়ে।
উল্লেখযোগ্য যে, দেওবাৰে বোকাখাত আৰক্ষীয়ে AS01GC 7887 আৰু AS-03-BC-9311 নম্বৰৰ আন দুখন চোৰাং কয়লা ভৰ্তি ট্ৰাকো জব্দ কৰিবলৈ সক্ষম হৈছিল ৷ দুয়োখন ট্ৰাকতে ক্ৰমে ৩৬টন আৰু ৩৫টনকৈ কয়লা আছিল তিনিখন ট্ৰাকৰ লগতে তিনিজন চালক ইনজামানুল হক, বিজয় সিং আৰু চোবান বোধাকো আটক কৰিছে আৰক্ষীয়ে ৷













