ASSAM TIMES POST
নতুন দিল্লীঃ জন্মু-কাশ্মীৰৰপৰা সংবিধানৰ ৩৭০ নং অনুচ্ছেদ বাতিল কৰাৰ পাছত ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰপৰা তীৰ্যক মন্তব্য কৰি অহা পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে অহা ২৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মুখামুখি হ’বই লাগিব। কিয়নো ৰাষ্ট্ৰ সংঘৰ সাধাৰণ সভা (ইউএনজিএ) ত নৰেন্দ্ৰ মোডীৰ পাছতে ভাষণ দিব লাগিব ইমৰাণ খানে। ইয়াকে লৈ সম্প্ৰতি ইমৰাণ খান অস্বস্তিত পৰিছে বুলি জানিব পৰা গৈছে।










