নিউজ ডেক্স:
দেশৰ ক্ৰীড়া প্ৰেমী বাবে দুখবৰ।টকি’অ অলিম্পিকলৈ যোগ্যতা অর্জনত ব্যৰ্থ অসম কন্যা হিমা দাস।
ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিক্স এথলেটিক্স চেম্পিয়নশ্বিপত ৰাষ্ট্ৰীয় অভিলেখ ভংগৰে ২০০মি শাখাত স্বৰ্ণ পদক অৰ্জন কৰিও ০.৮ ছেকেণ্ডৰ বাবে টকিঅ’ অলিম্পিকৰ যোগ্যতা অৰ্জনত ব্যৰ্থ হিমা।
পাটিয়ালাত অনুষ্ঠিত হোৱা খেলখনত হিমাই ২০০মি. সম্পূৰ্ন কৰাত প্ৰয়োজন হয় ২২.৮৮চেকেণ্ড।অলিম্পিকৰ যোগ্যত বাবে ২২.৮০ চেকেণ্ডত সম্পূণ কৰিব লাগিছিল দৌৰ ৰাণী গৰাকীয়ে।
আনহাতে ৪০০মি. ৰিলে ৰেচতো হিমাই লাভ কৰে স্বৰ্ণ পদক।চাৰি জনীয়া দলটোক ৰিলে সম্পূণ কৰা বাবে প্ৰয়োজন হয় ৪৩.৩৭ চেকেণ্ড। উল্লেখ যে হিমা হাতত ১×৪০০ মি. শেষ সুযোগ আছে অলিম্পিকলৈ যোগ্যতা অর্জন কৰাত।












