![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ক’ভিডে বিভীষিকাৰ সৃষ্টি কৰিলেও একাংশ এনে লোক আছে যিয়ে শেহতীয়াকৈ সমাজলৈ কঢ়িয়াইছে আশাৰ বতৰা। মৰিগাওঁ জিলাৰ ৮০ বছৰ বয়সৰ এগৰাকী ব্যৱসায়ী ৰবি ডেকাই নিজৰ মনোবল তথা মানসিক শক্তিৰ ফলত তেওঁ ক’ভিডক জয় কৰি সুস্থ সৱল হৈ অসামৰিক চিকিৎসালয়ৰ পৰা ঘূৰি আহে। অদম্য মনোবলৰ বাবে খুব কম দিনৰ ভিতৰত ক’ভিড নিগেটিভ হৈ ৰবি ডেকা শলমাৰীৰ ঘৰখনলৈ উভতি আহে।
কেৱল মাত্ৰ ঘূৰি অহাই নহয়; ক’ভিড জয় কৰাৰ পৰৱৰ্তী সময়ত তেওঁ ৰয়েল এনফিল্ড চলাই পথাৰ, ফিছাৰী সকলোতে নিজে কৰ্মত ব্ৰতী হৈ পৰে। ৰবি শৰ্মাৰ এনে আত্মবিশ্বাস আৰু মনোবলৰ পৰা নতুন প্ৰজন্মই সুস্থ জীৱন সম্পৰ্কে শিকিবলগীয়া বহুখিনি আছে বুলি মন্তব্য কৰে অন্যান্য পিছপৰা জনজাতি বৰ্ডৰ মৰিগাঁও জিলাৰ অধ্যক্ষ ৰবি শৰ্মাৰ পুত্ৰ শিবাজী ডেকাই।













