![]()
নলবাৰীৰ বিশেষ প্ৰতিবেদক :
লোকসংস্কৃতি বিষয়ৰ পাণ্ডিত্যবাৰিধি, বিশিষ্ট গৱেষক, পণ্ডিত প্ৰফেছৰ অৱ এমেৰিটাৰ্চ অধ্যাপক ডঃ নবীন চন্দ্ৰ শৰ্মাৰ জন্মদিন উপলক্ষে ২১ জুনৰ সন্ধিয়া প্ৰযুক্তি মুক্তধাৰা মাধ্যমৰ গুগল মীটৰ জৰিয়তে অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক তথা ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ উপেন্দ্ৰজিত শৰ্মাৰ সঞ্চালনাত এক বিশেষ গাম্ভীৰ্যপূৰ্ণ বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়। অসম সাহিত্য সভাৰ ডিফু আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক জয় সিং টকবেই সভাখন উদ্বোধন কৰে। ভাষণ প্ৰসংগত টকবেই কাৰ্বি সংস্কৃতিৰ বিষয়ে ৰেখাপাত কৰাৰ লগতে ডঃ নবীন চন্দ্ৰ শৰ্মাৰ পাণ্ডিত্যৰ সন্দৰ্ভত আলোকপাত কৰে। সভাখনৰ কাৰ্যসূচী শিশু শিল্পী ময়ূৰী শৰ্মা আৰু প্ৰসেন্দ্ৰজিত শৰ্মাই পৰিৱেশন কৰা গোৱালপৰীয়া লোকগীতেৰে আৰম্ভ হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু ডঃ নবীন চন্দ্ৰ শৰ্মাৰ পৰিচয় দাঙি ধৰে ধুবুৰী জিলা সাহিত্য সভাৰ সম্পাদক আজাদ আলী আহমেদে। আদৰণী ভাষণ প্ৰদান কৰে ধুবুৰী জনকৃষ্টি সমাজৰ সভাপতি দেবেন্দ্ৰ নাথ শৰ্মাই। অনুষ্ঠানৰ প্ৰাৰম্ভতে সঞ্চালক ডঃ উপেন্দ্ৰজিত শৰ্মাই কয় যে ডঃ নবীন চন্দ্ৰ শৰ্মা বহুমুখী পাণ্ডিত্যৰ অধিকাৰী ব্যক্তি। তেওঁৰ গ্ৰন্থ অধ্যয়ন অবিহনে শিক্ষাৰ্থীয়ে অসমীয়া বিষয়ত স্নাতক, স্নাতকোত্তৰ আৰু লোকসংস্কৃতি বিষয়ত ডিগ্ৰী লাভ কৰাতো অসম্ভৱ।
এই বিৰল পাণ্ডিত্যৰ ব্যক্তিগৰাকীয়ে প্ৰতিভাৰ জোখাৰে বিশেষ স্বীকৃতি নাপালে। এইগৰাকী প্ৰফেছাৰ অৱ এমেৰিটাৰ্চ পণ্ডিতৰ সমগ্ৰ গ্ৰন্থ ডঃ নবীন চন্দ্ৰ শৰ্মাৰ ৰচনাৱলী নামেৰে অসম চৰকাৰে অনতি পলমে প্ৰকাশ কৰিব লাগে বুলি সভাত প্ৰস্তাৱ দাঙি ধৰে। অসমৰ বিভিন্ন অঞ্চলৰপৰা অংশ লোৱা ব্যক্তিসকলে একেমুখে এই প্ৰস্তাৱ সমৰ্থন কৰি চৰকাৰক এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনায়। এই অনষ্ঠানত ‘অসমত লোকসংস্কৃতি চৰ্চা আৰু ডঃ নবীন চন্দ্ৰ শৰ্মা’ শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিন চন্দ্ৰ কলিতাই। ভাষণ প্ৰসংগত ডাঃ কলিতাই অসমৰ লোকসংস্কৃতিৰ বিভিন্ন দিশত আলোকপাত কৰাৰ লগতে ডঃ নবীন চন্দ্ৰ শৰ্মাৰ লোকসংস্কৃতি অধ্যয়নৰ পদ্ধতিৰ বিতং ব্যাখ্যা দাঙি ধৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক, গৱেষক পণ্ডিত, লোকসংস্কৃতিবিদ ডঃ উপেন ৰাভা হাকাচামে ডঃ নবীন চন্দ্ৰ শৰ্মাৰ বহুমুখী প্ৰতিভা সন্দৰ্ভত ৰেখাপাত কৰাৰ লগতে তেওঁৰ অনবদ্য সৃষ্টিৰ পোষকতা কৰে। কবিতা পাঠেৰে পণ্ডিতগৰাকীলৈ জন্মদিনৰ অভিনন্দন জনায় মাজুলীৰ নৱপ্ৰজন্মৰ কবি সাহিত্যিক শংকু সিদ্ধ নাথ আৰু পাপু বৰাই। মিচিং ঐনিতমেৰে পণ্ডিতগৰাকীক জন্মদিনৰ শুভেচ্ছা জনায় যোৰহাটৰপৰা ইন্দিৰা পাও গগৈয়ে।
মঙলদৈৰ পৰা ডঃ মোহিনী গোস্বামী, নগাঁৱৰপৰা ডঃ ৰজিতা কলিতা মৰল, ছিপাঝাৰৰপৰা ডঃ প্ৰসন্ন কুমাৰ নাথ, ডিফুৰ দেৱেন কাকতী, গোৱালপাৰা জিলা সাহিত্য সভাৰ সম্পাদক জিতুমণি দাস, দৰং জিলা সাহিত্য সভাৰ সম্পাদক গৌতমানন্দ গোস্বামী, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, ধুবুৰীৰপৰা মিহিৰ দাস, চাপৰৰপৰা তিলক প্ৰসাদ আদিয়ে ডঃ নবীন চন্দ্ৰ শৰ্মালৈ জন্মদিনৰ ওলগ জনাই শুভেচ্ছামূলক ব্যক্তব্য প্ৰদান কৰে। অনুষ্ঠানত ব্যাস ওজাপালি আৰু নাঙেলী গীত পৰিৱেশন কৰে শিল্পী মুকুট চন্দ্ৰ হাজৰিকাই। হেমলতা কাকতী আৰু মিলন দেৱীয়ে বিয়া গীত পৰিৱেশনেৰে পণ্ডিতগৰাকীক জন্মদিনৰ ওলগ যাচে। ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি তৰণীকান্ত ৰায়ে শিক্ষা জীৱনৰপৰা আৰম্ভ কৰি সমগ্ৰ গোৱালপাৰা ধুবুৰী অঞ্চলত লোকসংস্কৃতিৰ সমল আহৰণ কৰা কাৰ্যত পণ্ডিত ডঃ নবীন চন্দ্ৰ শৰ্মাৰ লগত তেওঁৰ সান্নিধ্যৰ বিষয়ে সুঁৱৰি বাৰুকৈয়ে স্মৃতিকাতৰ হয়। ডঃ নবীন চন্দ্ৰ শৰ্মাৰ সহধৰ্মিনী বাসন্তী দেৱীয়ে এই অনুষ্ঠানৰ বাবে অসমবাসীক কৃতজ্ঞতাৰে শ্ৰদ্ধা জ্ঞাপন কৰে।
উল্লেখ্য, ধুবুৰী জনকৃষ্টি সমাজৰ উদ্যোগত, ধুবুৰী জিলা সাহিত্য সভা আৰু ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত আয়োজিত এই অনুষ্ঠানত ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ শিক্ষাৰ্থী, অধ্যাপক -অধ্যাপিকা প্ৰমুখ্যে অসমৰ বিভিন্ন প্ৰান্তৰপৰা ভালেকেইগৰাকী গুণী জ্ঞানী ব্যক্তিয়ে অংশ লয়। অসম সংগীত পৰিৱেশনেৰে সভা সামৰা হয়।













