![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
যোৱা ২১ জুনত ৰাজ্যৰ স্বাস্থ্য বিভাগে নিৰ্ধাৰণ কৰিছিল দৈনিক ৩ লাখকৈ কোভিড টীকাকৰণৰ৷ এই লক্ষ্য আগত ৰাখি বিগত তিনি দিনত সৰ্বমুঠ ৯ লাখ ২৭ হাজাৰ কোভিড টীকাকৰণ সম্পন্ন হৈছে৷ আজি এই কথা প্ৰকাশ কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷ লগতে এই পৰ্যন্ত ৰাজ্যত মুঠ টীকাকৰণ ৬৩ লাখ ৯২ হাজাৰ সম্পূৰ্ণ হোৱা বুলিও তেওঁ প্ৰকাশ কৰে ৷
আনহাতে, কেন্দ্ৰীয় চৰকাৰৰ পৰা দৈনিক টীকা লাভ কৰি থকাৰ কথা উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে৷ যদি টীকা যোগান অব্যাহত থাকে তেন্তে অহা ৪৫ দিনৰ ভিতৰত ৰাজ্যত টীকাকৰণ সম্পূৰ্ণ কৰিব পৰা যাব বুলিও উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷













