![]()
নগাঁও : নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ কোভিড কেয়াৰ কেন্দ্ৰত এটি চাৰিবছৰীয়া শিশুক ভৰ্তি কৰা হয় । কৰ্কট ৰোগত আক্ৰান্ত শিশুটিক পৰিয়ালৰ লোকে যাবতীয় চিকিৎসা কৰাই উভতি অহাৰ সময়ত চাপৰমুখত কোভিড পৰীক্ষা কৰাত শিশুটিৰ দেহত কোভিড-১৯ৰ অৱস্থিতি ধৰা পৰে । লগে লগে নগাঁৱৰ একমাত্ৰ মহিলা আৰু শিশুৰ বাবে থকা আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় কোভিড কেয়াৰ কেন্দ্ৰত ভৰ্তি কৰা হয় শিশুটিক। তেজপুৰৰ জিতু মণ্ডল নামৰ শিশুটি পিতৃ-মাতৃৰে সৈতে চিকিৎসাজনিত কাৰণত বেবেজীয়াত আছিল।
আনহাতে গুৱাহাটীৰ বি.বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত শিশুটিৰ কেঞ্চাৰৰ চিকিৎসা চলি আছিল। বৰ্তমান কোভিড আক্ৰান্ত শিশুটো আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় কোভিড কেয়াৰ কেন্দ্ৰত আছে। উল্লেখ্য, আনন্দৰাম ঢেকিয়াল ফুকন কোভিড কেয়াৰ কেন্দ্ৰত সম্প্ৰতি কেইবাগৰাকী শিশু চিকিৎসাধীন হৈ আছে।
কোভিড কেয়াৰ কেন্দ্ৰটোত ৩১ জন শিশু চিকিৎসাধীন হৈছিল। ইয়াৰে ২১জন কোভিড আক্ৰান্ত শিশু সুস্থহৈ নিজ গৃহলৈ উভতি গৈছে।
বৰ্তমানেও কোভিড কেয়াৰ কেন্দ্ৰটোত ১০জন শিশু চিকিৎসাধীন হৈ আছে। কোভিড আক্ৰান্ত শিশুৰ চিকিৎসাৰ বাবে নগাঁৱত এই পৰ্যন্ত কোনো বিশেষ ব্যৱস্থা কৰা নাই স্বাস্থ্য বিভাগে। অৱশ্যে এইক্ষেত্ৰত জিলা প্ৰশাসনৰে আলোচনা চলি থকা বুলি জিলা যুটীয়া স্বাস্থ্য সঞ্চালক অতুল চন্দ্ৰ পাটৰে সংবাদ মাধ্যমক অৱগত কৰে । আনহাতে যুটীয়া সঞ্চালক জনে শিশুৰ চিকিৎসাৰ বাবে পৰ্যাপ্ত বিশেষজ্ঞৰ প্ৰয়োজনৰ বিষয়ে জানিবলৈ দি লগতে কয় যে চৰকাৰে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে।
উল্লেখ্য যে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ সুৰজিৎ ভাগৱতীৰ লগতে আন শিক্ষক-কৰ্মচাৰীসকলে কোভিড কেয়াৰ কেন্দ্ৰটোত ভৰ্তি হৈ থকা শিশু আৰু মহিলাসকলৰ নিতৌ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে শিশুসকলৰ মাজত মহাবিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা চকলেট আদি বিতৰণ কৰে । মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ সুৰজিত ভাগৱতীসহ শিক্ষকসকলৰ সহযোগিতাক সকলোৱে প্ৰশংসা কৰে ।













