![]()
এইবাৰ লম্পটৰ ৰূপত চিকিৎসক। নিজৰ সহকৰ্মী চিকিৎসকক শ্লীলতাহানিৰ লগতে ধৰ্ষণৰ অপচেষ্টাৰ অভিযোগ উঠিল এজন চিকিৎসকৰ বিৰুদ্ধে। ঘটনাটো ঘটিছে ডিব্ৰুগড়ত। ইতিমধ্যে এই ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, ডিব্ৰুগড়ৰ সঞ্জীৱনী নামৰ ব্যক্তিগত চিকিৎসালয়খনত কোভিড ডিউটিত কৰ্মৰত অভিযুক্ত চিকিৎসকজনে সহকৰ্মী মহিলা চিকিৎসক এগৰাকীক বুধবাৰে নিশা শ্লীলতাহানিৰ লগতে ধৰ্ষণৰ অপচেষ্টা কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। অভিযোগ অনুযায়ী, ডাঃ নয়নজ্যোতি ডেকা নামৰ অভিযুক্ত চিকিৎসকজন হস্পিটেলখনৰ কোভিড ৱাৰ্ডত কৰ্মৰত। তেওঁ উক্ত নিশা হস্পিটেলখনত নতুনকৈ যোগদান কৰা যুৱতী চিকিৎসকগৰাকীৰ লগত কুকার্য চৰিতাৰ্থ কৰাৰ অপচেষ্টা চলায়।
উল্লেখযোগ্য যে নতুনকৈ যোগদান কৰা যুৱতী চিকিৎসকগৰাকী কোভিডত আক্ৰান্ত হোৱাৰ বাবে কিছুদিন ছুটিত আছিল। ইতিমধ্যে তেওঁ স্থানীয় আৰক্ষীৰ ওচৰত অভিযুক্ত চিকিৎসকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। তেওঁৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ১২২১/২১ নংত এটা গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ড বিধি আইনৰ ৩৭৬/৩২৮ ধাৰাত অভিযুক্ত চিকিৎসকজনক সোধাপোছাৰ বাবে আটক কৰিছে।













