![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
অৱশেষত ঘোষণা হ’ল বিজেপিৰ অসম ৰাজ্যিক কমিটিৰ সভাপতিৰ নাম ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ঘোষণা কৰে ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতিৰ নাম। ৰঞ্জিত দাসৰ উত্তৰসুৰী হিচাবে ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব দিয়া হৈছে ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাক৷
ইফালে ভবেশ কলিতাক বিজেপিৰ অসম প্ৰদেশৰ সভাপতি ঘোষণা কৰাৰ লগে লগে ৰঙিয়াৰ বিজেপি কাৰ্যালয়ত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। দলীয় সমৰ্থক তথা জিলাখনৰ বিভিন্ন নেতা-কৰ্মীয়ে ভবেশ কলিতাক উষ্ম আদৰণি জনায়। আনহাতে, বিজেপিৰ ৰাজ্যিক সভাপতি মনোনীত হোৱাৰ পিছত প্ৰথম প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিজেপি দলটোক আগবঢ়াই লৈ যাবলৈ সংকল্পবদ্ধ বুলি তেওঁ প্ৰকাশ কৰে।













