![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
মৰিয়নি চেলেংহাটৰ মাতৃগৃহত উপস্থিত বিধায়ক অখিল গগৈ। বিগত ডেৰ বছৰৰ পাছত মাতৃ কাষত কাৰাবন্দী বিধায়কজন। আদালতৰ বিশেষ অনুমতি লৈ মাতৃ প্ৰিয়দা গগৈ কাষত বিধায়ক পুত্ৰ অখিল। শনিবাৰে নিশাটোৰ মাতৃগৃহত থাকিব গগৈ। দেওবাৰে পুনৰ সন্ধিয়া আদালতৰ নিৰ্দেশনা অনুসৰি গুৱাহাটীত হাজিৰ হ’ব লাগিব।
আনহাতে, স্বগৃহত সংগ্ৰামী নেতাগৰাকীক আদৰা বাবে মৰিয়নিৰ বিভিন্ন প্ৰান্তৰ শুভাকাংশীসকল আহি বাসগৃহ সন্মুখত ভিৰ কৰে। আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত গুৱাহাটী পৰা গগৈক লৈ যোৱা হয় মৰিয়নী ঘৰখনলৈ।
মাতৃকাষত উপস্থিত হৈ আবেগিক হৈ পৰে বিধায়ক গগৈ- ‘মাৰ চকুৰ অস্ত্ৰোপচাৰ চিকিৎসকৰ সৈতে কথা পাতি এতিয়া কৰাব লাগিব। মই নহা বাবে মায়ে অস্ত্ৰোপচাৰ কৰোৱা নাছিল। বিধায়ক হ’ম কোনোদিনে বুলি ভবা নাছিলো। বিধায়ক বুলি এতিয়াও নাভাবোঁ। মোক জেলত থাকোতে জিকাইছে ৰাইজে।।শিৱসাগৰবাসী ৰাইজৰ প্ৰকৃত আকাংক্ষা, উন্নয়ন আকাংশ পূৰণৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিম’।
“এমএলএ ভেমত মোক কেতিয়াও নাপাই। নাপাব দুৰ্নীতি, দুই নম্বৰীৰ কামত। মানুহ হিচাপে মানুহৰ বাবে কাম কৰিম। পূৰ্ব সংগ্ৰামী সত্তাৰ সদায় জীয়াই ৰাখিম মোৰ মাৰ শপত”- মাতৃক কাষত লৈ শপত খাই কয় গগৈয়ে। অসমৰ জনতাৰ বিৰুদ্ধে কাম নকৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে বিধায়কগৰাকীয়ে।
ইফালে মাতৃ হাতেৰে কি খাব বুলি সাংবাদিকে কৰা প্ৰশ্নত গগৈয়ে কয় – জেলত থাকোতে মাৰ হাতৰ গাঁঠি দিয়া মৰা শাক আৰু ভলুকা বাঁহৰ গাজৰ আঞ্জাখনলৈ মনত পৰিছিল । মায়ে যি ৰান্ধিলেও ভাল লাগে। মাৰ হাতৰ সোৱাদ কোনো পঞ্চতাৰকাৰ হোটেলত পোৱা নাই। মই ঘৰখনত নাই, বজাৰো কৰা হয়তো হোৱা নাই। মায়ে যিয়ে ৰান্ধিছে তাকে তৃপ্তিৰে খাম’।
শিৱসাগৰ সমষ্টিৰ যিসকল ৰাইজ আহিছে তেওঁলোকৰ সৈতে আজি কথা পাতিম। শিৱসাগৰলৈ যোৱাৰ অনুমতি বিছাৰিছিলোঁ। আদালতে সেই অনুমতি নিদিলে। কিন্তু মোৰ বিশ্বাস কম সময়ৰ ভিতৰতে চুটি লৈ আহিম হয়তো জামিন পাম তেতিয়া পোনে পোনে সমষ্টিলৈ যাম’।












