![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
সোমবাৰৰ পৰা ৰাজ্যত বলৱৎ হ’ব নতুন কোভিড নীতি৷ স্বাস্থ্য বিভাগৰ এই নতুন কোভিড নীতি ঘোষণা কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷ নতুন এছওপি মতে, মৰিগাঁও, গোৱালপাৰা আৰু বিশ্বনাথ জিলাক সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে৷
আনহাতে, বোকাখাত মহকুমাও থাকিব সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’নত৷ হাইলাকান্দি জিলাত সন্ধ্যা ৫ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন ঘোষণা কৰা হৈছে৷ বিয়লি ৪ বজালৈ খোলা থাকিব দোকান-পোহাৰ৷ আনহাতে, কামৰূপ (ম)ত বিয়লি ৩ বজালৈ খোলা থাকিব দোকান-পোহাৰ৷ বিয়লি ৪ বজাৰ পৰা সান্ধ্য আইন৷ অৱশ্যে ৰেচনৰ দোকানসমূহ সন্ধিয়া ৭ বজালৈ খোলা ৰাখিব পাৰিব৷ ইয়াৰ বাহিৰে বাকী জিলাসমূহত আগৰ দৰে ১২ বজালৈ খোলা আৰু দিনৰ ১ বজাৰ পৰা সান্ধ্য আইন ঘোষণা কৰা হৈছে৷
ইফালে আন্তঃজিলা পৰিবহণ পূৰ্বৰ দৰে অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব৷ উল্লেখ্য, ৰাজ্যত ২৪৭টা কোভিড হটস্পট চিনাক্ত কৰা হৈছে৷












