![]()
নিউজ ডেস্কঃ
ক্ৰমাৎ বাঢ়িছে ডেল্টা প্লাছ প্ৰজাতিৰ সংক্রমণ! ১৬ জুনৰ পৰা এই পর্যন্ত দেশৰ ১২ ৰাজ্যত ডেল্টা প্লাছৰ সন্ধান পোৱা গ’ল। নেচনেল চেণ্টাৰ ফৰ ডিজিজ কন্ট্রোলৰ (এনচিডিচি) পৰিচালক সুজিত সিঙে শুক্রবাৰে ঘোষণা কৰে, ডেল্টা প্লাছৰ সংক্রমণৰ আগত মহাৰাষ্ট্র। ৰাজ্যখনৰ একাধিক জিলাত মুঠ ২২ জনৰ শৰীৰত পোৱা গৈছে এই প্ৰজাতিৰ সন্ধান। মধ্যপ্রদেশত ৭ জন, তামিলনাডুত ৯ জন, কেৰালাত ৩ জন, পঞ্জাব আৰু গুজৰাটত ২ জনকৈ, অন্ধ্রপ্রদেশ, হাৰিয়ানা, ওড়িশা, ৰাজস্থান, কর্নাটক আৰু জন্মু-কাশ্মীৰত এজনৰ শৰীৰত সন্ধান পোৱা গৈছে এই প্ৰজাতিৰ। মুঠ ৪৫ হাজাৰ নমুনাৰ জিনোম চিকোৱেন্সিঙৰ পিছত ৫১ জনৰ শৰীৰত ডেল্টা প্লাছৰ সন্ধান পোৱা গৈছে।
কোভিড-১৯ পৰিস্থিতি সন্দৰ্ভত সংবাদ মেলত এনচিডিচিৰ পৰিচালকজনে ঘোষণা কৰে যে দেশৰ ১২ ৰাজ্যৰ ১৮ খন জিলাত এই পর্যন্ত এই প্ৰজাতিৰ সংক্রমণৰ খবৰ পোৱা গৈছে। বিগত তিনি মাহৰ ভিতৰত যিসকল কৰোনা আক্রান্ত হৈছে তেওঁলোকৰ নমুনা জিনোম চিকোৱেন্স কৰি ধৰা পৰিছে এই প্ৰজাতিৰ।













