![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লংকা বন বিভাগৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ আগৰ ভৰ্টি ট্ৰাক। ৰাতিপুৱা লংকাৰ লংকাজানৰ পৰা জব্দ অবৈধ আগৰৰ ভৰ্তি ট্ৰাকখন। এন চি হিলৰ পৰা আগৰ ভৰ্টি ট্ৰাকখন হোজাই দিশে আহি থকা অৱস্থাত জব্দ কৰে বন বিভাগে। ট্ৰাকখনৰ পঞ্জীয়ন নম্বৰ AS-01-DD 6795 । লগতে সোধপোছৰ বাবে আটক গাড়ীখনৰ চালকক।
বৰ্তমান ট্ৰাকখন বন বিষয়া কাৰ্য্যালয়ত ৰাখি তদন্ত অব্যাহত ৰাখিছে বন বিভাগে। কাৰ্ফিওৰ গন্যালৈ ৰাজ্যজুৰি চলি আছে অবৈধ চোৰাং কাঠৰ ৰমৰমীয়া বেহা।











