![]()
ছাইদুল ইছলাম
ডিফু : প্ৰাণীৰ প্ৰাণ স্বৰূপ অক্সিজেন ৷ ক’ভিড ৰোগত অক্সিজেনৰ অভাৱত বহু ৰোগীয়ে প্ৰাণ হেৰুৱাৰ বিপৰীতে দেশ-বিদেশৰ একাংশ হৃদয়ৱান সংস্থা, সংগঠন আৰু লোকে ক’ভিড ৰোগীৰ প্ৰাণ ৰক্ষাৰ বাবে অক্সিজেনৰ যোগান ধৰি মানৱীয়তাৰ নিদৰ্শন দেখুৱাই আহিছে ৷ আজি ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালৰ ক’ভিড ৱাৰ্ডলৈ ২০টা অক্সিজেন কনচেনট্ৰেটন প্ৰদান কৰি প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে কাৰবি আংলং জিলা সত্য সাই সেৱা সমিতি ৷
আজি দুপৰীয়াৰ ভাগত অসম সত্য সাই সেৱা সমিতিৰ সভাপতি সত্যেন শৰ্মা জৰিয়তে প্ৰেৰণ কৰা ২০টাকৈ ব্যয়বহুল অক্সিজেন কনচেনট্ৰেটৰ চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক সুমিতা হেগজেৰৰ হাতত অৰ্পণ কৰে ডিফুস্থিত সত্য সাই সেৱা সমিতিৰ সভাপতি ৰূপকজ্যোতি বৰকটকীয়ে ৷
ক’ভিড ৰোগীৰ বাবে বিশেষভাবে প্ৰয়োজন হোৱা অক্সিজেন কনচেনট্ৰেটৰখিনি লাভ কৰি ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালৰ অধীক্ষক সুমিত্ৰা হেগজেৰে সাংবাদিক আগত কয় যে, আজিৰ দিনটো তেওঁলোকৰ বাবে আনন্দৰ দিন ৷ কাৰণ সত্য সাই সেৱা সমিতিয়ে ক’ভিড ৰোগীৰ সেৱাৰ বাবে প্ৰদান কৰা অক্সিজেন কনচেনট্ৰেটৰখিনিৰ দ্বাৰা ক’ভিড ৰোগীৰ চিকিৎসাৰ পিছত সাধাৰণ ৱাৰ্ডতো ব্যৱহাৰ কৰিব পৰা যাব ৷ ইয়াৰ বাবে অধীক্ষকগৰাকীয়ে সত্য সাই সেৱা সমিতিক উচ্চ প্ৰশংসা কৰিছে ৷












