![]()
নিউজ ডেস্কঃ
আমিৰ খানৰ ‘লাল সিং চড্ডা’ ছবিৰ শ্বুটিং চলিছে লাডাখ আৰু কার্গিলৰ বিভিন্ন অংশত। বিগত কেইবা দিনো ধৰি আমিৰ, কিৰণ তাতেই আছে। নিজৰ বিচ্ছেদৰ বাতৰিৰ বিবৃতি দিছিল কার্গিলৰ পৰাই। লগত আছে ছবিখনৰ সমগ্ৰ ইউনিট। কিন্তু এতিয়া অভিযোগ উঠিল, তেওঁলোকে পাহাৰৰ পৰিবেশ প্ৰদূষিত কৰিছে।
এক টুইটাৰ ইউজাৰে ৱাখা গাঁৱৰ এটি ভিডিও শ্বেয়াৰ কৰিছে ইণ্টাৰনেটত। য’ত বিস্তীর্ণ প্রান্তৰ দেখা গৈছে। মাজে মাজে একাধিক স্থানত কিছু বস্তু পৰি আছে। অৱশ্যে ভিডিওটোত সেয়া সিমান এটা স্পষ্ট নহয়। কিন্তু ভিডিওটোৰ বিৱৰণী মতে, সেইবোৰৰ বেছিভাগেই প্লাষ্টিকৰ বটল। ভিডিওটোৰ ওপৰত লিখা আছে, ‘কেইবা সপ্তাহ হ’ল আমিৰ খানৰ দলটোৱে লাডাখত ‘লাল সিং চড্ডা’ ছবিৰ শ্বুটিং কৰি আছে। ইয়াৰ মাজতেই পাহাৰৰ কাষৰ অৱস্থা চাওক। চাৰিওফালে প্লাষ্টিকৰ বটল পেলাই ৰাখিছে। ৱাখা গাঁৱৰ বাসিন্দাসকলক এই উপহাৰ দি গ’ল আমিৰ খানে।’
তাৰ উপৰি তেওঁৰ ৰিয়েলিটি শ্ব ‘সত্যমেৱ জয়তে’ৰ প্রসঙ্গ দাঙি ধৰি ব্যক্তিজনৰ দাবী, ‘তেওঁ পৰিবেশ সুস্থ ৰখা সন্দৰ্ভত কেৱল ভাল ভাল কথা কয়, কিন্তু নিজে কি কৰে চাওক!’













