![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি আংলং জিলা আইনসেৱা প্ৰাধিকৰণ চমুকৈ ডিএলএছএৰ লৈছে এক প্ৰশংসনীয় পদক্ষেপ ৷ আজি ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালৰ ওচৰত এগৰাকী মানসিক বিকাৰ গ্ৰস্থলোকক ডিএলছএই প্ৰত্যক্ষ কৰে ৷ প্ৰথমতে দীৰ্ঘদিনৰ পৰা অনাহাৰে থকা লোকজনক ডিএলএছএৰ কৰ্মী সকলে আহাৰৰ ব্যৱস্থা কৰে ৷
পিছত ডিএলএছএ কৰ্তৃপক্ষই জিলা আৰক্ষীৰ উৰ্দ্ধতন কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি ডিফু আৰক্ষীৰ সহায়ত উদ্ধাৰ কৰি ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালত চিকিৎসাৰ বাবে ভৰ্তি কৰে ৷ বৰ্তমান লোকজন চিকিৎসাধীন হৈ আছে ৷ ডিএলএছএৰ এনে পদক্ষেপক সচেতন মহলে উচ্চ প্ৰশংসা কৰিছে ৷













