![]()
ছাইদুল ইছলাম
ডিফু : বকলীয়াঘাটৰ বিশিষ্ট সমাজ কর্মী, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱক ভুৱনেশ্বৰ ঠাকুৰীয়াৰ আজি পুৱা প্রায় ৭.৩০ বজাত নিজা বাসভৱনতে পৰলোকপ্রাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯ বছৰ। ১৯৪২ চনৰ ২৭ এপ্রিলত এতিয়াৰ কামৰূপ জিলাৰ বকোত জন্মগ্রহণ কৰা ভুৱনেশ্বৰ ঠাকুৰীয়াই তেতিয়াই কাৰ্বি আংলং জিলালৈ আহি জিলাখনৰ বেলগুৰিত শিক্ষকতাৰে কর্মজীৱন আৰম্ভ কৰি পিছত বকলীয়াঘাটত স্থায়ীভাবে বসবাস কৰিবলৈ লয়। সুদীর্ঘদিন ধৰি বকলীয়াঘাটত এগৰাকী হোমিঅ’পেথীৰ চিকিৎসক হিচাপে ৰাইজক সেৱা আগবঢ়াই অহা প্রয়াত ঠাকুৰীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰো এগৰাকী একনিষ্ঠ সেৱক আছিল।
সংঘৰ বকলীয়ঘাট আঞ্চলিক শাখাৰ সভাপতিৰ দায়িত্ব পালন কৰা ঠাকুৰীয়াক পৰৱর্তী পর্যায়ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ শৰণ সদস্য হিচাপে দায়িত্ব প্রদান কৰা হয়। সংঘৰ এগৰাকী শৰণ সদস্য হিচাপে জিলাখনৰ বিভিন্ন স্থানত গুৰুজনাৰ বাণী প্রচাৰ কৰাৰ লগতে অলেখজনক ধর্মীয় দীক্ষা প্রদান কৰিছিল।
অৱশ্যে, স্বাস্থ্যজনিত কাৰণত বিগত বৰ্ষত সংঘৰ এই দায়িত্বৰ পৰা তেওঁ অব্যাহতি লয়। স্বভাৱতঃ অত্যন্ত নম্র, শান্ত, গভীৰ ব্যক্তিত্বসম্পন্ন লোক হিচাপে সকলোৰে সমীহ আদায় কৰিবলৈ সক্ষম হোৱা ভুৱনেশ্বৰ ঠাকুৰীয়াৰ মৃত্যুৰ বাতৰিয়ে সমগ্র জিলাখনতে শোকৰ ছাঁ পেলাইছে। বকলীয়াঘাট ৰাজহুৱা শ্মশানত তেওঁৰ অন্তিম সংস্কাৰ কৰা হয়। মৃত্যুৰ সময়ত তেওঁ পত্নী, একমাত্র পুত্র, চাৰি কন্যা, বোৱাৰী, জোঁৱাই, নাতি-নাতিনীসহ অলেখ গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায় ৷













