![]()
ছাইদুল ইছলাম
ডিফু : যোৱা ২০ জুনত কাৰবি আংলং জিলাৰ মাঞ্জা থানাৰ অন্তৰ্গত জাওলিয়ানত নিৰাপত্তাৰক্ষীৰে সৈতে হোৱা সংঘৰ্ষৰ ঘটনাত কুকি উগ্ৰপন্থী সংগঠন ইউপি আৰএফৰ দুই গৰাকী সন্দেহযুক্ত সহস্ৰ কেডাৰ নিহত হোৱা ঘটনাৰ বাবে জিলা দণ্ডাধীশৰ পৰা দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷
জিলা দণ্ডাধীশৰ তৰফৰ পৰা কেএমজে, ৩৮৩/এনএইছআৰচি /ইউপিআৰএফ ৪ ,ডিটিডি/৩০-০৭/৭০২১ নম্বৰ নিৰ্দেশযোগে, প্ৰদান কৰা নিৰ্দেশ অনুসৰি অহা, ২১জুলাই আৰু ২২ জুলাই তাৰিখে উক্ত ঘটনা সন্দৰমভত ৰাজহুৱা শুনানীৰ আহ্বান কৰা হৈছে ৷ সেয়েহে উক্ত দুয়োটা দিনতে দিনৰ ১০-৩০ বজাৰ পৰা দিনৰ ২ বজালৈ এই সন্দৰ্ভত মন্তব্য বিচৰা পক্ষক অতিৰিক্ত জিলা দণ্ডাধীশ অমৃত প্ৰভা দাসৰ কাৰ্যালয়ত উপস্থিত হৈ মৌখিক, লিখিত অথবা স্মাৰক পত্ৰযোগে সাক্ষ্যদান কৰাৰ বাবে ৰাজহুৱা জাননী জাৰী কৰা হৈছে ৷
স্মৰ্তব্যযে, যোৱা ২০ জুনত সিংহাসন পাহাৰৰ জাওলিয়ানত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত দুই ইউপিআৰএফ কেডাৰ ক্ৰমে, ডিলাই থানা অন্তৰ্গত চাংপিজাল গাওঁ নিৱাসী হাওমিনলেন চিথৌ ওৰফে মেক্সি ওৰফে উইলিয়াম আৰু মলনম নিৱাসী হাওখলাল হাওকিপ নামৰ দুগৰাকী কেডাৰ নিহত হোৱাৰ লগতে মৰণাস্ত্ৰ উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে ৷













