ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ অসম চাহ শ্ৰমিক কৰ্মচাৰী ভৱিষ্যনিধি সংগঠন গোলাঘাট সংমণ্ডল কাৰ্যালয়ৰ উদ্যোগত আজি লোকনায়ক অমিয় কুমাৰ দাস সোঁৱৰণী বঁটা প্ৰদান কৰা হয় ।
গোলাঘাট জিলাত ১৪ গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক এই বঁটা প্ৰদান কৰা হয়। অন্যহাতে অল আসাম ৱৰ্কাৰ কেতেগৰিত স্থান লাভ কৰা গোলাঘাটৰ এজন ছাত্ৰক গুৱাহাটী কলাক্ষেত্ৰত এই বঁটা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
গোলাঘাট পৌৰসভা কাৰ্যালয়ত অনুষ্ঠিত হোৱা ৬৫ সংখ্যক লোকনায়ক অমিয় কুমাৰ দাস সোঁৱৰণী বঁটা বিতৰণী অনুষ্ঠানটো। অনুষ্ঠানৰ প্ৰথমে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগ ।
বিধায়িকা অজন্তা নেওগে লোকনায়ক অমিয় কুমাৰ দাসৰ ফটোত বন্তি প্ৰজ্বলন কৰাৰ লগতে মাল্যাৰ্পণ কৰে। এই অনুষ্ঠানত গোলাঘাট সংমণ্ডল কাৰ্যালয়ৰ অধীনত চাহ বাগিচাৰ কৰ্মৰত ভৱিষ্যৎনিধি সভ্যসকলৰ ১৪ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক লোকনায়ক অমিয় কুমাৰ দাস সোঁৱৰণী বঁটা প্ৰদান কৰা হয়।
এই বঁটাত দুহেজাৰ টকা আৰু এখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। এই অনুষ্ঠানত বিধায়িকা অজন্তা নেওগৰ উপৰিও গোলাঘাট পৌৰসভাৰ পৌৰপতি জুৰী দাস ৰাজখোৱা, অসম চাহ মজদুৰ সংঘৰ গোলাঘাট জিলাৰ সভাপতি ঘণশ্যাম বাঢ়ৈ আৰু বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।












