নিউজ ডেস্কঃ
অলিম্পিকত সোণৰ পদক জয়ৰ পিছতে জেভলিন থ্র’ৰ বিশ্বক্রম তালিকাত দ্বিতীয় স্থানলৈ উন্নীত হ’ল নীৰজ কুমাৰ। অলিম্পিকৰ পূৰ্বে প্রথম দহৰ ভিতৰত নাছিল নীৰজ। ১৬ নম্বৰৰ পৰা একে কোবে ১৪টা ৰেংক অতিক্ৰম কৰিলে।
নীৰজৰ সন্মুখত এতিয়া জার্মানীৰ জোহানাছ ভেট। তেওঁৰ ১৩৯৬ পইণ্ট আৰু নীৰজৰ পইণ্ট ১৩১৫। পইণ্টৰ ব্যৱধান অতি বেছি নহয়। ধাৰাবাহিকতা বজায় ৰাখিবলৈ পাৰিলে এক নম্বৰলৈও উন্নীত হ’ব পাৰে নীৰজ কুমাৰ।
আনহাতে, পোলাণ্ডৰ মাৰ্চিন ক্রুকউস্কি আছে তিনি নম্বৰ স্থানত। তেওঁৰ পইণ্ট ১৩০২। তালিকাত চাৰি নম্বৰত আছে চেক গণতন্ত্রৰ জাকুব ভাদলেচ। ১২৯৮ পইণ্ট পাইছে তেওঁ।