![]()
জিতেন বৰকটকী:
নগাঁও : নগাঁও চহৰৰ অন্যতম ব্যক্তিগত খণ্ডৰ অগ্ৰনী শিক্ষানুষ্ঠান ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় আৰু মাধ্যমিক বিদ্যালয়তো আজি দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় ।এই উপলক্ষে পুৱা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ দিলীপ কুমাৰ বৰাই ।
ইয়াৰ পিচতে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা নিবেদন কৰা হয় । আনহাতে ভাৰ্ছুৱেল মাধ্যমত অনুষ্ঠিত স্বাধীনতা দিৱসৰ সাংস্কৃতিক কাৰ্যসূচীত শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰী সকলে দেশপ্রেমমূলক নৃত্য,গীত,বক্তৃতা আদি পৰিবেশন কৰাৰ লগতে শিক্ষক-শিক্ষয়িত্রী সকলে স্বাধীনতা দিৱসৰ তাৎপর্য ব্যাখ্যা কৰি ব্যক্তৃতা প্ৰদান কৰে । অনুষ্ঠানৰ শেষত সকলোৱে সমস্বৰত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে।












