নিউজ ডেস্কঃ
কথা ৰাখিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। অলিম্পিক আৰম্ভ হোৱাৰ পূৰ্বে পিভি সিন্ধুক আইচক্রিম খুওৱাৰ যি প্রতিশ্রুতি দিছিল মোদীয়ে, সেয়া ৰাখিলে। নীৰজে চুৰমা, ফুচকা খাই ভালপায় বুলি জানিব তেওঁকো প্রিয় খাদ্য খুৱালে মোদীয়ে।
কেৱল এই দুজনকেই নহয়, ভাৰতৰ অলিম্পিকত সফল সকলোকেই সোমবাৰে নিজৰ বাসভবনলৈ আমন্ত্ৰণ জনায় মোদীয়ে। প্রধানমন্ত্রীৰ বাসভবনত ব্ৰেকফাষ্ট কৰে নীৰজহতে।
টকিঅ অলিম্পিকত ভাৰতক একমাত্র সোণৰ পদক উপহাৰ দিছে নীৰজ চোপ্ৰাই। আশা জগাইও ব্রঞ্জতে সন্তুষ্ট থাকিবলগা হৈছে সিন্ধু। ভাৰোত্তোলনত ৰূপ জয় কৰিছে মীৰাবাই চানুই। ৰবি দাহিয়া, বজৰং পুনিয়া, লাভলিনা বৰগোঁহায়েও ব্রঞ্জ জয় কৰিছে। লগতে ব্রঞ্জ পদক পাইছে ভাৰতৰ পুৰুষ হকী দলেও।