ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বোকাখাতত অবাধ গতিত নিচাযুক্ত দ্ৰব্যৰ বৃদ্ধিৰ বিৰুদ্ধে সৰৱ বোকাখাত আঞ্চলিক ছাত্ৰ সন্থা

ASSAM TIMES POST by ASSAM TIMES POST
September 13, 2019
Reading Time: 1 min read
A A
0
বোকাখাতত অবাধ গতিত নিচাযুক্ত দ্ৰব্যৰ বৃদ্ধিৰ বিৰুদ্ধে সৰৱ বোকাখাত আঞ্চলিক ছাত্ৰ সন্থা

ASSAM TIMES POST

RELATED POSTS

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

অজন্তা তালুকদাৰ, বোকাখাতঃ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথে স্পৰ্শ কৰি যোৱা বোকাখাত নগৰ আৰু ইয়াৰ আশে পাশে সঘনে দেখা পোৱা ভয়ংকৰ পথ দুৰ্ঘটনাবোৰে সকৰুণভাৱে উচন কৰি পেলায় একো একোটা পৰিয়াল, একোখন ঘৰ, উদং কৰে পিতৃ মাতৃৰ বুকু। তাৰে ভিতৰত যুৱ বাইকাৰৰ পথ-ষ্টাণ্টও এৰাব নোৱাৰা কাৰণ। ইমানৰ পিছতো শিক্ষা নোলোৱা বাইকাৰৰ ষ্টাণ্ট এতিয়া বোকাখাতত সততে সুলভ এখন সাধাৰণ ছবি।

এয়া সাম্প্ৰতিক সময়ত বোকাখাতে সন্মুখীন হোৱা অন্যতম সামাজিক সমস্যা। এই ক্ৰমবৰ্দ্ধিত দুৰ্ঘটনাবোৰৰ আন এক গুৰুত্বপূৰ্ণ কাৰণ হৈছে অবাধ গতিত নিচাযুক্ত দ্ৰব্যৰ সেৱন। বোকাখাতৰ দৰে সংস্কৃতিৰ উৰ্বৰ ক্ষেত্ৰত সংস্কৃতিৰ সাধনা কৰিবলৈ আগবাঢ়ি অহা যুৱ-প্ৰজন্মৰ একাংশৰ বিপৰীতে মাদক দ্ৰব্যৰ সেৱনে কালৰূপ লৈ ধ্বংস কৰিছে বৃহত্তৰ বোকাখাত অঞ্চলৰ উঠি অহা প্ৰজন্মৰ বহুতকে।

মদ, ভাং আৰু আন নিচাযুক্ত দ্ৰব্যৰ সেৱন কৰি নিজৰ জীৱন আৰু ভৱিষ্যত ধ্বংস কৰা, আনকি বহুতে শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যু পৰ্যন্ত আকোৱালি ল’ব লগীয়া হোৱাৰ লগতে সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক পৰিবেশো বিনষ্ট কৰি সমাজৰ সাংঘাটিক ক্ষতি কৰিছে উশৃংখল নিচাসক্ত যুৱ চামে।

বোকাখাতৰ আশে পাশে সমাজৰ চকুত ধূলি দি পোখা মেলি উঠা ঘাটি সমূহত সহজে উপলব্ধ মদ আৰু নিচাযুক্ত দ্ৰব্যই যুৱ উশৃংখলতা উদ্বেগজনকভাৱে বৃদ্ধি হোৱাত অধিক অৰিহণা যোগাইছে। অথচ এই ভয়াবহ সমস্যাৰ প্ৰতি দুখজনকভাৱে প্ৰশাসনৰ লগতে আবকাৰী বিভাগে ফলপ্ৰসু পদক্ষেপ গ্ৰহণ কৰাৰ বিপৰীতে উদাসীন হৈ থকাৰ কথাই বোকাখাতৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠান লগতে সচেতন নাগৰিকক উদ্বেগ আৰু দুঃচিন্তাত পেলাইছে। এই ক্ষেত্ৰত সৰব হৈ উঠিছে বোকাখাত আঞ্চলিক ছাত্ৰ সন্থা।

যোৱা ১০ চেপ্তেম্বৰত বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ এটি সঁজাতী দলে বৃহত্তৰ বোকাখাত অঞ্চলত অবাধ গতিত উপলব্ধ মদ, ভাং আৰু গোটখাকে ধৰি বিভিন্ন মাদক দ্ৰব্যৰ অবাধ প্ৰচলন বন্ধ কৰাৰ দাবীত বোকাখাত মহকুমাৰ মহকুমাধিপতিক সাক্ষাৎ কৰি বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকদ্বয় ক্ৰমে দীপ ঠাকুৰীয়া আৰু সত্যব্ৰত ভূঞা স্বাক্ষৰিত এক স্মাৰক পত্ৰ দাখিল কৰি প্ৰশাসনক এই ক্ষেত্ৰত মৌণ হৈ নাথাকি শীঘ্ৰেই ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।

স্মাৰক পত্ৰত চলিত বৰ্ষত পথ দুৰ্ঘটনাত প্ৰায় ১৫ জন যুৱকে প্ৰাণ হেৰুৱাইছে বুলি উল্লেখ কৰি খেদ প্ৰকাশ কৰা হৈছে যে প্ৰশাসনৰ এটা বিয়াগোম বিভাগ থকা স্বত্তেও আজিলৈ ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ কৰা নহ’ল আৰু উল্লেখ কৰা হৈছে যে বোকাখাতৰ মাজ মজিয়াত সামাজিক সাংস্কৃতিক যিকোনো এটা অনুষ্ঠান হ’লেই অকালতে বহু যুৱকক হেৰুৱাব লগীয়া হোৱাৰ একমাত্ৰ কাৰণ হ’ল নিশাৰ ভাগত চলি থকা মদ আৰু ভাঙৰ অবাধ মুকলি বেহা।

নৈশ ভাগত বোকাখাত নগৰৰ আশে পাশে থকা ধাবা সমূহত মুকলিকৈ মদৰ বেহা চলি আছে কিন্তু এই ক্ষেত্ৰত আবকাৰী বিভাগে ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰি আছে। গতিকে এই ক্ষেত্ৰত প্ৰশাসনে বিহীত ব্যৱস্থা গ্ৰহণ নকৰিলে বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মাদক দ্ৰব্যৰ অবাধ প্ৰচলন বন্ধ কৰাৰ দাবীত প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব আৰু ফলস্বৰূপে হ’ব পৰা সম্ভাব্য যিকোনো পৰিস্থিতিৰ বাবে মহকুমা প্ৰশাসন দায়ী হ’ব বুলি ছাত্ৰ সংগঠনটোৰ তৰফৰ পৰা স্মাৰক পত্ৰযোগে মহকুমা প্ৰশাসনক সকিয়াই দিয়া হয়।

আনহাতে বোকাখাতৰ যুৱ প্ৰজন্মক নিচা তথা ধ্বংসৰ গৰাহৰ পৰা মুক্ত কৰি সুন্দৰ সমাজ গঢ়ি তোলাৰ বাবে সজাগ হ’বলৈ বোকাখাত মহকুমা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দীপজ্যোতি ঠাকুৰীয়া আৰু সম্পাদক সত্যব্ৰত ভূঞাই বোকাখাতৰ ৰাইজলৈ আহ্বান জনাইছে।

Tags: Featured
Share4Tweet3Send

Related Posts

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

by Staff Reporter
July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

by Staff Reporter
July 10, 2026
50
Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions
Assam

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

by Staff Reporter
July 9, 2026
50
Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed
Assam

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

by News Desk
July 7, 2026
50
Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On
Assam

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

by Staff Reporter
July 6, 2026
50
ADVERTISEMENT
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
50
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026
50
FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক
Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

July 10, 2026
50
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

July 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

July 10, 2026
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান

July 10, 2026
FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

July 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx