ASSAM TIMES POST
গুৱাহাটীঃ অসম প্রদেশ কংগ্রেছ সমিতিয়ে ঘোষণা কৰা কার্যসূচী অনুসৰি চূড়ান্ত ৰাষ্ট্রীয় নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্ত নোহোৱা বৈধ ভাৰতীয় নাগৰিকৰ কাষত থিয় দিয়া তথা শংকা মুক্ত কৰাৰ উদ্দেশ্যেৰে প্ৰদেশ কংগ্ৰেছৰ এটা উচ্চ পৰ্যায়ৰ দলে প্ৰথম পৰ্যায়ৰ যাত্রা শুকুৰবাৰে পুৱা ৯ বজাত প্ৰদেশ কংগ্ৰেছৰ মুখ্য কার্যালয় গুৱাহাটীৰ ৰাজীৱ ভৱনৰ পৰা তিনিচুকীয়া, ধলা আৰু জাগুনলৈ আৰম্ভ কৰে। এই যাত্রাৰ শুভাৰম্ভ কৰে প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে। ইয়াত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে। ৰকিবুল হুছেইনে সংবাদ মাধ্যমত জানিবলৈ দিয়া অনুসৰি উজনি-নামনি অসমৰ পাছত ২৩ ছেপ্টেম্বৰৰপৰা দলটোৱে বৰাক উপত্যকা ভ্ৰমণ কৰিব। ইয়াত এপিচিচিৰ সভাপতি ৰিপুণ বৰা প্ৰমুখ্যে বিষয়-ববীয়া, কংগ্ৰেছৰ সাংসদ, বিধায়ক তথা নেতাসকলে অংশগ্ৰহণ কৰিব।












