ASSAM TIMES POST
গুৱাহাটীঃ টেট উত্তীৰ্ণ শিক্ষকৰ চাকৰি বিনাচৰ্তে বেতন সুৰক্ষা সহ নিয়মীয়াকৰণৰ দাবীৰে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে ৰাজ্যৰ প্ৰতিখন জিলাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত শুকুৰবাৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। সমাজৰ সভাপতি ত্ৰৈলোক্য ডেকাৰ নেতৃত্বত গুৱাহাটীৰ ছাত্ৰীবাৰীস্থিত উপ-পৰিদৰ্শকৰ কাৰ্য়ালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী হাতত লয়।
সমান্তৰালভাৱে সমাজৰ আহ্বান মৰ্মেই বৰপেটাৰ চেঙা শিক্ষা খণ্ডৰ অন্তৰ্গত প্ৰাথমিক টেট শিক্ষকসকলেও ধৰ্ণাত বহে। ইফালে দৰঙৰ দলগাঁও প্ৰাথমিক শিক্ষা খণ্ডৰ কাৰ্যালয়ত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কেইবাশতাধিক শিক্ষক-শিক্ষয়িত্ৰীয়ে৷ বিদ্যালয়ত পাঠদানৰপৰা বিৰত থাকি বৰষুণৰ মাজতে হাতত ছাতি লৈ বহি প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষক সমাজে। নগাঁৱৰ কলিয়াবৰতো প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ উদ্যোগত কলিয়াবৰ প্ৰাথমিক শিক্ষা খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী।
প্ৰায় দুই শতাধিক টেট শিক্ষকৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত শিক্ষকসকলে নিজৰ প্ৰাপ্য বিচাৰি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে। আনহাতে, নগাঁৱৰ কঠিয়াতলী শিক্ষাখণ্ডটো প্ৰতিবাদী কাৰ্যসূচী হাতত লয় প্ৰাথমিক টেট শিক্ষকে।
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ডিব্ৰুগড়ৰ নাহৰকটীয়াৰ জয়পুৰ খণ্ড শিক্ষা বিষয়াৰ কার্যালয়ৰ সন্মুখত ঠিকা ভিত্তিক টেট শিক্ষক সমাজে প্ৰতিবাদ সাব্যস্ত কৰে। টেট উত্তীৰ্ণ শিক্ষকসকলৰ দাবী পূৰণৰ আহ্বান জনাই বিশ্বনাথৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় প্ৰাংগণত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে টেট উত্তীৰ্ণ শিক্ষকসকলে।












