ASSAM TIMES POST
গুৱাহাটীঃ ৰাজ্যৰ খিলঞ্জীয়া নাগৰিকক ভূমি পট্টা প্ৰদানৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে শুকুৰবাৰে গুৱাহাটীৰ চচলত গণ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে ‘গুৱাহাটীবাসীক মাটি পট্টা দিব লাগিবই’, ‘গুৱাহাটীবাসীক মাটি পট্টা প্ৰদান কৰক’, ‘গুৱাহাটীৰ বাবে নতুন ভূমিনীতি প্ৰৱৰ্তন কৰক’, ‘খিলঞ্জীয়াক মাটি পট্টা প্ৰদান কৰক’, ‘তেজ দিম মাটি নিদিওঁ’, ‘বহিৰাগতক মাটি দিয়া বন্ধ কৰক’, ‘ৰামদেৱক মাটিৰ পট্টা কিয় দিব?’ আদি শ্ল’গানেৰে ধৰ্ণাস্থলী উত্তাল কৰি তোলে। ইয়াত কৃষক মুক্তিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰে কয় যে যোৱা ৮ বছৰ ধৰি এই দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ পাছতো বৰ্তমানেও গুৱাহাটীৰ থলুৱা লোকে ভূমি পট্টা লাভ নকৰিলে। ইয়াত কৃষক মুক্তিৰ প্ৰায় তিনিশ সদস্যই ভাগ লয়। ইয়াত কৃষক মুক্তিয়ে উপ-আৰক্ষী আয়ুক্ত অঞ্জন ভূঞাৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।












