ASSAM TIMES POST
গুৱাহাটীঃ তেজপুৰৰ প্ৰাক্তন সাংসদ তথা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন জ্যেষ্ঠ নেতা ৰাম প্ৰসাদ শৰ্মাই দলটোৰ মজিয়াত গুৰুত্ব নাপাই বাধ্যত পৰি দল ত্যাগ কৰাৰ পাছটো বাৰম্বাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি আহিছে।
শুকুৰবাৰে পুনৰ আৰপি শৰ্মাই সংবাদ মাধ্যমত কয় যে কংগ্ৰেছৰ গ্ৰাসত বিজেপিৰ অস্তিত্ব বিপন্ন হৈ পৰিছে। পূৰ্বৰ শুদ্ধ বিজেপিক এতিয়া কংগ্ৰেছৰপৰা অহা নেতাই দূষিত কৰিলে।
ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে শৰ্মাই পুনৰ ক্ষোভ উজাৰে। শেহতীয়াকৈ কংগ্ৰেছ ত্যাগ কৰি গেৰুৱা বসন পিন্ধা ভূৱনেশ্বৰ কলিতাকো সমালোচনা কৰি শৰ্মাই সিদ্ধাৰ্থ শংকৰ দাস, পৰেশ কাকতি, শংকৰ দাস, জিতু কিষাণ, দিগন্ত ঘাটোৱাৰৰ দৰে বিজেপিৰ নিষ্ঠাবান পুৰণি কৰ্মীয়ে একো নাপেলে বুলি দুখ প্ৰকাশ কৰে।













